দ্য ইক’নমিষ্টৰ দাবী: কৰ’নাই কাঢ়িলে বিশ্বৰ প্ৰায় ১.৩০ কোটি লোকৰ জীৱন

0
791
বিশ্বত কৰ’না ভাইৰাছৰ সংক্ৰমণ হৈ এতিয়ালৈকে  প্ৰায় ১.৩০ কোটি লোকৰ মৃত্যু হৈছে৷– এই দাবী কৰিছে প্ৰখ্যাত বাৰ্তালোচনী দ্য ইক’নমিষ্টে৷ দ্য ইকনমিষ্টৰ মতে, সমগ্ৰ বিশ্বতে পৰীক্ষা আৰু সংক্ৰমণ হোৱাৰ তথ্য কম হোৱাৰ ফলত চৰকাৰী তথ্যত কৰ’নাৰ সংক্ৰমণ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা কমকৈ দেখুওৱা হৈছে৷ বাৰ্তলোচনীখনৰ মতে, কেৱল এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহেই নহয়, আমেৰিকা আৰু ব্ৰিটেইন তথা ফ্ৰান্সৰ দৰে দেশতো চৰকাৰীভাৱে প্ৰকাশ কৰা সংখ্যাতকৈ অধিকসংখ্যক লোকৰ মৃত্যু হৈছে কৰ’নাৰ সংক্ৰমণ হৈ৷ ইয়াৰ লগতে এই কথাও কোৱা হৈছে যে কৰ’নাৰ বাবে লোৱা সতৰ্কতাৰ ফলত ফ্লুৰ দৰে ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছে৷ বিশ্বত প্ৰকৃততে কিমানসংখ্যক লোকৰ মৃত্যু হৈছে সেইটো নিৰ্ধাৰণ কৰাৰ বাবে দ্য ইকনমিষ্টে এটা মডেল তৈয়াৰ কৰিছিল৷ ইয়াৰ পৰা লাভ কৰা তথ্য অনুসৰি বিশ্বত সংক্ৰমণ হৈ ১.২৭ কোটি লোকৰ মৃত্যু হোৱাৰ ৯৫% সম্ভাৱনা আছে৷ ইয়াত লগতে এই কথাও কোৱা হৈছে যে নিম্ন আৰু মধ্য আয়ৰ দেশবোৰত কৰ’নাৰ সংক্ৰমণ হৈ মৃত্যু হোৱা অধিকাংশ লোককে আন কাৰণত মৃত্যু হোৱা বুলি দেখুওৱা হৈছে৷ আনহাতে চহকী দেশবোৰত মৃত্যুৰ সংখ্যা চৰকাৰীভাৱে প্ৰকাশ কৰা সংখ্যাৰ ১.১৭ গুণ অধিক হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here