উফিৰ সমস্যাত নোভোগা মানুহ নায়েই৷ ই বিশেষ একো অসুবিধাৰ সৃষ্টি নকৰে যদিও সৌন্দৰ্যৰ দৃষ্টিৰে চাবলৈ গ’লে চুলিৰ মাজত বগা বগা উফিবোৰ দেখিলে বৰ বেয়া লাগে৷ সেয়েহে আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে যে উফিৰ পৰা কেনেকৈ হাত সাৰিব পাৰি৷
[১] প্ৰথম কথা হ’ল চুলি ফণিয়াওঁতে এই উফিবোৰ মুখত পৰাৰ ফলত পিম্পলৰ সমস্যাই দেখা দিয়ে৷
[২] দ্বিতীয়তে এই উফিবোৰ পিঠি আৰু কান্ধত বেছিকৈ পৰে বাবে বেক্ একনি [Back acne]ৰ মূল কাৰণ উফি হ’ব পাৰে৷
[৩] সেয়েহে ইয়াৰ বাবে আমি দুদিনৰ মূৰে মূৰে মূৰ ধোৱা উচিত৷
[৪] মনত ৰাখিব, মূৰ ধোওঁতে গৰম পানী ব্যৱহাৰ কৰা উচিত নহয়৷
[৫] চুলিত ছেম্পু কৰোঁতে ১৫-২০ মিনিট সময় মূৰৰ ছালখন মাচাজ কৰি অলপ সময় থাকিব দিব লাগে৷ তাৰ পাছত পৰিষ্কাৰ পানীৰে ধুই দিব লাগে৷.
ঘৰুৱা উপায় :–
[১] উফি নিৰাময়ৰ বাবে উত্তম উপায়টো হৈছে মেথি গুটি৷ অলপ মেথি গুটি গোটেই ৰাতি পানীত তিয়াই থৈ পিছদিনা ৰাতিপুৱা মেথি গুটিখিনি ভালদৰে পিচি ল’ব লাগে৷ তাৰ পাছত তাত এচামুচ দৈ মিশ্ৰণ কৰি পেষ্টটো ২০-৩০ মিনিট সময় মূৰৰ ছালত লগাই ধুই দিব লাগে৷
[২] এমুঠি নিমপাতৰ পেষ্ট বনাই তাত নেমুৰ ৰস মিশ্ৰণ কৰি ল’ব লাগে৷ এতিয়া এই মিশ্ৰণখিনি চুলিৰ গুৰিত ভালদৰে লগাই আধা ঘণ্টা থাকি মিশ্ৰণখিনি ধুই পেলাব লাগে৷
[৩] আমলখিৰ গুড়িৰ লগত পানী আৰু তুলসীৰ পাত দি এটা পেষ্ট তৈয়াৰ কৰি ল’ব লাগে৷ এই পেষ্টটো আধা ঘণ্টামান চুলিৰ গুৰিত লগাই ধুই দিব লাগে৷ এনেদৰে সপ্তাহত দুবাৰমান কৰিলে সুফল পোৱা যায়৷