ড্ৰাগ্ছ মুক্ত অসম গঢ়াৰ সংকল্প লৈছে অসম আৰক্ষীয়ে৷ অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে৷ ইয়াৰ সমান্তৰালভাৱে মহানগৰ আৰক্ষীয়েও ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ কৰিছে ড্ৰাগ্ছ-বিৰোধী অভিযান৷ যোৱা ১৩ জুনত মহানগৰৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে অভিযান চলাই কেইবা লক্ষাধিক টকাৰ ড্ৰাগ্ছ জব্দ কৰে৷ জানিব পৰা মতে, আৰক্ষীৰ বিশেষ অভিযানকাৰীৰ দল আৰু গীতানগৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই ৫০ লক্ষাধিক টকাৰ মূল্যৰ ড্ৰাগ্ছসহ পাঁচজন ড্ৰাগ্ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জনোৱা মতে, গোপন খবৰৰ ভিত্তিত যোৱা ১৩ জুনৰ সন্ধিয়া জুৰোডৰ ৰূপালী পথৰ ২নং উপপথৰ ১নং ঘৰত আৰক্ষীয়ে অভিযান চলায়৷ অভিযান কালত ঘৰটোৰ পৰা বহু পৰিমাণৰ হেৰ’ইনসহ খালী কণ্টেইনাৰ জব্দ কৰে৷ উক্ত ভাড়াঘৰটোৰ পৰা দুই সৰবৰাহীক গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী সময়ত এই দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত গান্ধীবস্তিৰ পৰা আছিক আলীক গ্ৰেপ্তাৰ কৰে৷ সৰবৰাহকাৰীটোৰ পৰা বুজন পৰিমাণৰ ড্ৰাগ্ছো আৰক্ষীয়ে জব্দ কৰে৷ আৰক্ষীয়ে ইয়াৰ পৰাই শুংসূত্ৰ উলিয়াই বেজেৰা আৰু মঙলদৈত অভিযান চলাই মতিউৰ ৰহমান আৰু কুখ্যাত মাফিয়া খলিলুৰক গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে আৰক্ষীৰ পৰা বাচিবলৈ গুৱাহাটীত ধৃত ভাৰ্গৱ গিৰি আৰু মৃগেন বংজাঙে গুৱাহাটীৰ বাহিৰত ড্ৰাগ্ছসমূহ লুকুৱাই ৰাখিছিল৷ আনহাতে সমগ্ৰ অভিযানত গীতানগৰ, চান্দমাৰী, পল্টনবজাৰ থানাৰ লগতে CRPFও সহযোগ কৰিছিল৷