এই ৰোগত আক্ৰান্ত হ’লে শৰীৰৰ মাংসপেশীবোৰ দুৰ্বল হৈ পৰে৷ ইয়াৰ ফলত শিশুৱে হাতখনো জোকাৰিব নোৱৰা হৈ পৰে, বহিব নোৱাৰে, থিয় হ’ব নোৱাৰে৷
তেলেংগানাৰ অয়াংশ গুপ্তা নামৰ তিনি বছৰীয়া শিশুটিক প্ৰায় ১৬ কোটি টকা দামৰ বেজী দিয়া হয়৷ এই শিশুটি স্পাইনেল মাস্কুলাৰ এট্ৰফী (Spinal muscular atrophy) নামৰ এটা বিৰল ৰোগত ভুগি আছিল৷ তেওঁৰ চিকিৎসাৰ বাবে প্ৰায় ৬৫ হাজাৰ লোকে দান-বৰঙণি আগবঢ়াইছিল৷ ইয়াৰ পৰা পোৱা ধনেৰে আমেৰিকাৰ পৰা জলগেন্ছমা নামৰ ঔষধবিধ ক্ৰয় কৰি অনা হয়৷ এই ঔষধৰ প্ৰতিটো পালিৰ দাম প্ৰায় ১৬ কোটি টকা৷ অয়াংশৰ পিতৃ যোগেশ গুপ্তাই ইয়াত এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰে৷ তেওঁ কয় যে ই এটা অতি বিৰল ৰোগ৷ এই ৰোগত আক্ৰান্ত হ’লে শৰীৰৰ মাংসপেশীবোৰ দুৰ্বল হৈ পৰে৷ ইয়াৰ ফলত শিশুৱে হাতখনো জোকাৰিব নোৱৰা হৈ পৰে, বহিব নোৱাৰে, থিয় হ’ব নোৱাৰে৷ তেওঁ কয় যে প্ৰথমে ১৬ কোটি টকা যোগাৰ কৰাটো অসম্ভৱ যেন লাগিছিল৷ পাছত ছ’চিয়েল মিডিয়াৰ জৰিয়তে অংয়াশৰ পিতৃ-মাতৃয়ে বৰঙণি বিচাৰি আৱেদন জনায়৷ তিনি মাহৰ ভিতৰত তেওঁলোকে নিজৰ সন্তানৰ জীৱন ৰক্ষাৰ বাবে প্ৰয়োজন হোৱা ধন সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ তেওঁলোকক বিৰাট কোহলী, অনুষ্কা শৰ্মা, অনিল কাপুৰ, অজয় দেৱগনকে ধৰি বিভিন্নজনে সহায় কৰে৷