অলিভ অইলে ওঁঠযুৰিৰ মসৃণতা বৃদ্ধিত সহায় কৰে৷
সুন্দৰ গুলপীয়া ওঁঠৰ গৰাকী হ’বলৈ কোনেনো নিবিচাৰে৷ বিভিন্ন ধৰণৰ কছমেটিকৰ প্ৰয়োগৰ লগতে প্ৰদূষণৰ ফলতো আমাৰ ওঁঠযুৰিৰ সৌন্দৰ্য ম্লান পৰে৷ গতিকে আমাৰ ওঁঠযুৰিৰ সৌন্দৰ্য বৃদ্ধি কৰিবৰ বাবে আমি ইয়াৰ বিশেষভাৱে যতন লোৱা উচিত৷ কিছুমান প্ৰাকৃতিকভাৱে পোৱা তেল আছে, যাক ব্যৱহাৰ কৰি আপুনি আপোনাৰ ওঁঠযুৰিৰ সৌন্দৰ্য দুগুণ বৃদ্ধি কৰিব পাৰে৷ গতিকে আপোনাৰ ওঁঠযুৰিৰ সৌন্দৰ্য বৃদ্ধিত কোনবিধ তেলে কি ধৰণে কাম কৰে জানো আহক–
(১) নাৰিকল তেলে ওঁঠ মসৃণ কৰাত সহায় কৰে৷
(২) Papaya Oil-এ আপোনাৰ ওঁঠযুৰিৰ পূৰ্বৰ ৰং ঘূৰাই আনি উজ্জ্বল কৰাত সহায় কৰে৷
(৩) Lotus Oil-এ ওঁঠযুৰিক শুকান হোৱাৰ পৰা বাধা দিয়ে৷
(৪) Orchid oil ত প্ৰচুৰ পৰিমাণে মেগনেচিয়াম আৰু জিংক থাকে, যিয়ে ওঁঠত পৰা পিগমেনটেশ্যন কম কৰে৷
(৫) Olive oil-এ ওঁঠযুৰিৰ মসৃণতা বৃদ্ধিত সহায় কৰে৷
(৬) Basil Oil-এ ওঁঠৰ মৃতকোষসমূহ আঁতৰাই হাইেড্ৰট কৰি ৰখাত সহায় কৰে৷
(৭) Walnut oil–এ ওঁঠৰ উপযুক্ত পৰিচৰ্যা কৰি ওঁঠ ক’লা পৰা নাইকিয়া কৰে৷
(৮) Daisy Oil–এ ওঁঠৰ টেন আৰু হাইপাৰ পিগমেনটেশ্যন দূৰ কৰাত সহায় কৰে৷
(৯) Rose oil ত প্ৰচুৰ পৰিমাণে এণ্টিএজিং উপাদান থাকে, যিয়ে ওঁঠৰ ফাইনলাইন দূৰ কৰি ওঁঠ গুলপীয়া কৰাত সহায় কৰে৷