অহা ৯ এপ্ৰিলৰ পৰা মহাৰাষ্ট্ৰত সাপ্তাহান্তিক লকডাউন

0
2845
দেশৰ কিছু ৰাজ্যৰ লগতে মহাৰাষ্ট্ৰত কৰ’না মহামাৰীৰ সংক্ৰমণ দ্ৰুতভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰত ৯ এপ্ৰিলৰ পৰা সাপ্তাহান্তিক লকডাউন ঘোষণা কৰা হৈছে৷ মহাৰাষ্ট্ৰত কভিড-১৯ৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ কাৰণে ৰাজ্য চৰকাৰে অহা শুকুৰবাৰৰ নিশা ৮ বজাৰ পৰা সোমবাৰৰ পুৱা ৭ বজালৈ সমগ্ৰ ৰাজ্যখনত সাপ্তাহান্তিক লকডাউন ঘোষণা কৰিছে৷ এই লকডাউনৰ উপৰিও ৮ এপ্ৰিলৰ নিশা ৮ বজাৰ পৰা কঠোৰ নিষেধাজ্ঞা বলৱৎ কৰা হৈছে৷ সপ্তাহটোত দিনৰ ভাগত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা বলৱৎ কৰা হ’ব আৰু নৈশ সান্ধ্য আইন অব্যাহত থাকিব৷ সাপ্তাহান্তিক লকডাউন চলি থকাৰ সময়ছোৱাত সকলো শ্বপিং মল, হোটেল, ৰেষ্টুৰেণ্ট আৰু বাৰসমূহ বন্ধ থাকিব৷ পাঁচজনতকৈ অধিক লোকৰ সমাগমতো নিষেধাজ্ঞা জাৰি কৰিছে৷ অধিক মানুহৰ ভিৰ নোহোৱাকৈ চিনেমা শ্বুটিঙৰ অনুমতি দিয়া হৈছে৷ আনহাতে থিয়েটাৰসমূহৰ ক্ষেত্ৰত কোনো অনুমতি প্ৰদান কৰা হোৱ নাই৷ যোৱা ৪ এপ্ৰিলত এখন কেবিনেট বৈঠকৰ পাছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থেকাৰেৰ প্ৰশাসনে সাংবাদিকৰ আগত এই কথা কয়৷ ৰাজ্য চৰকাৰে লগতে ঘোষণা কৰে যে ৰাজহুৱা পৰিবহণ ব্যৱস্থা অব্যাহত থাকিব৷ অৱশ্যে নৈশ সান্ধ্য আইনৰ পৰা অত্যাৱশ্যকীয় সেৱাসমূহক ৰেহাই দিয়া হ’ব৷ উল্লেখ্য যে মহাৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত কৰ’নাত নতুনকৈ ৪৯,৪৪৭জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ২৭৭ জন৷

আৰু পঢ়ক- কাইলৈৰ পৰা এসপ্তাহলৈ পুনেত ১২ ঘণ্টীয়া নৈশ সান্ধ্য আইন https://newshealthplus.com/wp-admin/post.php?post=3525&action=edit

LEAVE A REPLY

Please enter your comment!
Please enter your name here