কিছুসংখ্যক মহিলাসকলৰ ক্ষেত্ৰত প্ৰতি মাহৰ কেইটামান দিন ঋতুস্ৰাৱৰ কাৰণে বিভিন্ন সমস্যাত ভোগে৷ কিছুমান মহিলাই ঋতুস্ৰাৱ অনিয়মীয়া হোৱা, অথবা মাহেকীয়াৰ সময়ত অসহ্য যন্ত্ৰণা, পেটৰ বিষ আদিত ভোগা দেখা যায়৷ ঋতুস্ৰাৱ চলাকালীন অনৱৰতে মন-মেজাজ ভালে নাথাকে৷ ক্লান্তি আৰু অৱসাদে দেখা দিয়ে৷ এনেধৰণৰ সমস্যা হ’লে ঔষধৰ পৰিৱৰ্তে ঘৰুৱা কিছু উপায় অৱলম্বন কৰিলে যথেষ্ট সুফল পোৱা যায়৷ প্ৰতিদিনে ডায়েটত এনে কিছুমান পানীয় অন্তৰ্ভুক্ত কৰিলে ঋতুকালীন পেটৰ যন্ত্ৰণা তথা সমস্যাৰ পৰা সকাহ পাব পাৰি৷
মাহেকীয়া হোৱাৰ সময়ত অলপ আদা সৰু সৰু টুকুৰা কৰি পানীত দহ মিনিটমান গৰম কৰক৷ তাৰ পাছত তাত মৌ আৰু নেমুৰ ৰস দি সেৱন কৰিলে ঋতুকালীন যন্ত্ৰণাৰ পৰা উপশম পাব পাৰে৷
এককাপ পানীত এচামুচ গুৱামুৰি দি ভালদৰে উতলাই লওক৷ ইয়াৰ পাছত চাহৰ দৰে গৰমে গৰমে সেৱন কৰক৷ গুৱামুৰিৰ চাহে পেট পৰিষ্কাৰ ৰখাত সহায় কৰে৷ থাইৰয়েড, কোলেষ্টৰেল, ডায়েবেটিছৰ দৰে ৰোগ নিয়ন্ত্ৰণ কৰাত এই পানীয়ই সহায় কৰে৷ মহিলাসকলৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ বেদনা নিৰাময়ৰ যথেষ্ট উপকাৰী এই পানীয়৷
এক গ্লাছ গাখীৰত এচামুচ হালধি মিহলাই খালে এয়ে প্ৰাকৃতিক বিশনাশক হিচাপে কাম কৰে৷ হালধিত থকা কাৰকিউমিনে প্ৰদাহ কমোৱাত সহায় কৰে৷ প্ৰতিদিনে ৰাতি শোৱাৰ আগতে হালধিমিশ্ৰিত গাখীৰ সেৱন কৰিলে অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা নোহোৱা কৰে৷
গাজৰত ভৰপূৰ মাত্ৰাত বিটা কেৰোটিন পোৱা যায়৷ এইবিধ পাচলিত লুটেইন আৰু জিয়াক্সাথিন নামৰ কাৰ্বটিনয়েড জাতীয় উপাদান থাকে, যিয়ে শৰীৰৰ কাৰণে উপকাৰী৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা তথা হৰমনজনিত যিকোনো ৰোগত পৰা সকাহ পাবলৈ গাজৰৰ ৰস অতি উত্তম৷