ভৰিৰ স্বাস্থ্যৰ বাবে শোৱাৰ আগতে এইদৰে মালিচ কৰক

0
11

শোৱাৰ আগতে ভৰিৰ এনেদৰে যত্ন ল’লে অথবা মালিচ কৰিলে ভৰিৰ স্বাস্থ্যৰ লগতে ভৰিৰ জোৰ বঢ়াত যথেষ্ট সহায়ক হয়৷ ভৰি শৰীৰৰ একেবাৰে তলৰ অংশ হোৱা হেতুকে প্ৰায়ভাগ লোকেই ইয়াৰ যত্ন তথা পৰিচ্ছন্নতাৰ বাবে উপেক্ষা কৰে৷ আমাৰ ভৰি দুখনত দিনৰ দিনটো খোজকাঢ়ি থকাৰ বাবে ধূলি-মাকতি লাগি প্ৰচুৰ পৰিমাণে ময়লা জমা হয়৷ এইদৰে জমা হোৱা মলিবোৰ সদায় পৰিষ্কাৰ কৰাত গুৰুত্ব দিব লাগে৷ ভৰিৰ সঠিকভাৱে পৰিচৰ্যা কৰাটো খুবেই প্ৰয়োজন৷ আপুনি প্ৰত্যেক ৰাতি শোৱাৰ আগতে ভৰি দুখনত তেল মালিচ কৰিলে ভৰিৰ স্বাস্থ্যৰ লগতে শৰীৰতো উপকাৰ হয়৷ ইয়াৰ বাবে দৈনিক ৰাতি শোৱাৰ আগতে ভৰি দুখনৰ তলুৱা সৰিয়হৰ তেলেৰে মালিচ কৰা জৰুৰী৷ বিশেষকৈ শীতকালত বিছনালৈ যোৱাৰ আগতে ভৰি দুখনৰ তলুৱাত সৰিয়হৰ তেলেৰে মালিচ কৰিলে থেৰাপিৰ দৰে কাম কৰে৷ হাতেৰে ভৰিৰ তলুৱাৰ নিৰ্দিষ্ট পইণ্টত মালিচ কৰাৰ ফলত শৰীৰৰ বিশেষ উপকাৰ হয়৷ তেলেৰে ভৰি মালিচ কৰাৰ ফলত মন আৰু শৰীৰ শিথিল হয়৷ যাৰ ফলত ৰাতি ভাল টোপনি আহে৷ অনিদ্ৰা আদিৰ দৰে সমস্যাত ভুগিলে এইদৰে তেল মালিচ কৰিলে সুফল পোৱা যায়৷ ভৰিত মালিচ কৰাৰ ফলত ৰক্ত সঞ্চালন উন্নত হয়, যি শৰীৰৰ কোষলৈ অক্সিজেন আৰু পুষ্টি সৰবৰাহ নিয়াৰিকৈ কৰে৷ ভৰি মালিচ কৰাৰ ফলত পেশীৰ টান কমি যায়৷ যাৰ বাবে ভৰিৰ বিষ বা অস্বস্তি কমি যায়৷ আনহাতে নিয়মিতভাৱে ফুট মাছাজ কৰিলে ভৰি তথা গোৰোহাৰ নমনীয়তা বাঢ়ে৷ ৰাতি ভৰি মাছাজ কৰাৰ ফলত মস্তিষ্কই নিৰ্দিষ্ট সময়ত টোপনি অহাৰ সংকেত দিয়ে৷ ইয়াৰ ফলত ভাল টোপনি আহে৷ ভৰিত মালিচ কৰিলে শিথিলতা তথা শান্তিৰ অনুভূতি প্ৰস্তুত হয়, যিয়ে উদ্বেগ তথা বিষণ্ণতাৰ লক্ষণবোৰ হ্ৰাস কৰে৷ ভৰিত মালিচ কৰিলে ছাল নৰম আৰু মইশ্বৰাইজ হয়৷ ফলত ছালৰ উজ্জ্বলতা তথা সজীৱতা বৃদ্ধি হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here