মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত ব্যৱহূত ছেনিটাৰী নেপকিন বা ট্যেম্পনৰ পৰিৱৰ্তে পৰিৱেশ বান্ধৱ বিকল্প হৈ উঠিছে menstrual cupৰ ব্যৱহাৰ৷ এই পদ্ধতি জনপ্ৰিয় হৈ উঠাৰ ক্ষেত্ৰত অন্যতম অন্তৰায় menstrual cup ব্যাপক সমাদৰ লাভ কৰিছে যদিও সমানে এই পদ্ধতি লৈ কিছু ভ্ৰান্ত ধাৰণাও মহিলাসকলৰ মাজত চলিছে৷ উল্লেখ্য যে menstrual cup যোনিৰ ভিতৰত প্ৰৱেশ কৰাই ইয়াক ব্যৱহাৰ কৰা হয়৷ সেয়ে বহুতো কম বয়সীয়া তথা অবিবাহিতা ছোৱালীয়ে এই কাপ ব্যৱহাৰ কৰাত সংকোচ বা ভয় কৰা দেখা যায়৷ কিন্তু এই কাপ যিমান সুৰক্ষিত, সিমানেই যিকোনো বয়সৰ মহিলাই ব্যৱহাৰ কৰিব পাৰে৷ ইয়াক ব্যৱহাৰ ফলত কোনোধৰণৰ ক্ষতিৰ সন্মুখীন নহয়৷ ৰবৰ বা ছিলিকনেৰে প্ৰস্তুত এই menstrual cup সৰু ফানেলৰ দৰে দেখি৷ ঋতুস্ৰাৱৰ সময়ত ইয়াক ভাঁজ কৰি যোনিপথেৰে সোমাই দিয়া হয়৷ তাৰ পাছত সেইটো ছাতিৰ দৰে খুলি গৈ জৰায়ুমুখত লাগি ধৰে৷ ঋতুস্ৰাৱৰ সময়ত ইয়াত ঋতুকালীন তেজ জমা হয়৷ menstrual cup যোনিৰ ভিতৰত প্ৰৱেশ কৰিলেও এই ক্ষেত্ৰত ভয় বা সংকোচ কৰাৰ কোনো কাৰণ নাই৷ বিশেষজ্ঞই প্ৰকাশ কৰা মতে ছেনিটাৰী নেপকিনৰ তুলনাত এই menstrual cup ব্যৱহাৰ কৰাটো বেছি নিৰাপদ তথা বেছি সুবিধাজনক৷ আনহাতে menstrual cup পুনৰব্যৱহাৰযোগ্য৷ ইয়াৰ এটা এটা কাপ পাঁচ বছৰ পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰে৷ মাত্ৰ কাপটো পৰিষ্কাৰ বা সঠিকভাৱে ৰখাৰ কায়দাটো জানিলে হয়৷ প্ৰতি মাহত ঋতুস্ৰাৰ আৰম্ভ হোৱাৰ আগে আগে কাপটো ষ্টেৰিলাইজ কৰি ব্যৱহাৰ কৰিব পাৰে৷ ব্যৱহাৰৰ পাছত মিনাৰেল ৱাটাৰেৰে পৰিষ্কাৰ কৰি পুনৰায় ষ্টেৰিলাইজ কৰি নিৰ্দিষ্ট পাউচত ৰাখিলে হয়৷ menstrual cup ব্যৱহাৰৰ কাৰণে যোনিৰ সংক্ৰমণৰ সম্ভাৱনা প্ৰায় নাথাকে৷ এই ক্ষেত্ৰত কোনোধৰণৰ জ্বালা ভাব অনুভৱ নহয়৷ বৰম ছেনিটাৰী নেমকিন ব্যৱহাৰ কৰিলে যোনিৰ চাৰিওফালে ৰাশে আগুৰি ধৰে৷ দীৰ্ঘ ক্ষণ এটা পেড ব্যৱহাৰ কৰাৰ ফলত যোনিৰ সংক্ৰমণ বৃদ্ধি পায়৷ ইয়াৰ ফলত জৰায়ু কেঞ্চাৰৰো সম্ভাৱনা থকে৷ সেয়ে পেডৰ তুলনাত menstrual cup ব্যৱহাৰ কৰা বেছি স্বাস্থ্যসন্মত তথা স্বাস্থ্যকৰ৷