অৰ্থাৎ খাদ্যৰ লগত আদা আৰু খাদ্যৰ পাছত শিলিখা সেৱন কৰাজনক কোনোধৰণৰ ৰোগে আক্ৰমণ কৰিব নোৱাৰে৷ কেহা সোৱাদযুক্ত শিলিখা আমাৰ শৰীৰৰ বাবে উপকাৰী৷ বনৌষধি দ্ৰব্যৰ ভিতৰত শিলিখাক উৎকৃষ্ট বুলি ক’ব পাৰি৷ গতিকে শিলিখাৰ কিছুমান উপকাৰিতাৰ বিষয়ে জানো আহক৷
শিলিখা নিমখৰ লগত খালে কফ নাশ আৰু হজম শক্তি বাঢ়ে৷
চকুৰ পৰা পানী ওলালে শিলিখাৰ পাউডাৰ অলপ পানীত মিহলাই ৰাতি শুবৰ সময়ত কেইদিনমান একেৰাহে খাব লাগে৷
চকুৰ বেমাৰত শিলিখা ঘিউত ভাজি চকুৰ চাৰিওফালে প্ৰলেপ দিব লাগে৷
মাহেকীয়াৰ সময়ত পেট বিষালে শিলিখাৰ গুৰি একাপ পানীত মিহলাই দিনে একাপকৈ খাব লাগে৷
শৌচ কঠিন হ’লে শিলিখা পানীত সিজাই দিনে এবাৰকৈ খালে শৌচ স্বাভাৱিক হয়৷
শিলিখা আৰু আমলখিৰ ৰস একেলগে মিহলাই চুলিত সানিলে চুলি ক’লা হয়৷
শিলিখা নিয়মীয়াকৈ খালে ছালৰ সৌন্দৰ্য বৃদ্ধি হয়৷
হাঁওফাঁও ৰোগী, বহুমূত্ৰ ৰোগী, ৰক্তহীনতা ৰোগী, জণ্ডিচ ৰোগীৰ বাবে শিলিখা উত্তম৷