মাতৃত্বৰ গৌৰৱেৱে গৌৰৱান্বিত হ’বলৈ প্ৰতিগৰাকী মহিলাই কামনা কৰে৷ মাতৃত্ব হোৱাটোৱেই যেন প্ৰতিগৰাকী মহিলাৰ একমাত্ৰ ইচ্ছা তথা জীৱন চৰ্যা৷ এগৰাকী মহিলাই মাতৃ হোৱাৰ অলীক সপোন বাস্তৱায়িত হ’লে তেওঁ কেনে সুখ অনুভৱ কৰে, সেয়া হয়তো আন কোনেও নুবুুজিব৷ কিন্তু মাক হোৱাটো জানো মুখৰ কথা৷ বিশেষকৈ আজিকালি অনিয়মিত লাইফষ্টাইল, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, শাৰীৰিক বিসংগতি আদি বিভিন্ন কাৰণত দিনে দিনে বাঢ়িছে বন্যাত্বৰ সংখ্যা৷ মাক হোবাৰ প্ৰবল ইচ্ছা থাকিলেও যেন এনেধৰণৰ আনুষংগিক কাৰকবোৰে বাধাৰ সৃষ্টি কৰে৷ বিবাহ হোৱাৰ পাছতে সন্তান জন্ম দিয়াৰ পৰিকল্পনাৰ কৰিও বিফল হোৱা পৰিলক্ষিত হয়৷ সেয়ে সন্তান জন্ম দিয়াৰ আগমুহূৰ্তত জীৱনশৈলীৰ পৰিৱৰ্তন ঘটাই যদি শৰীৰৰ প্ৰতি কিছু যত্নৱান হোৱা যায়, তেনেহ’লে এই কমাটো সহজ হৈ পৰে৷ এগৰাকী বিবাহিত মহিলাক মাক হোৱাৰ ক্ষেত্ৰত যোগে যথেষ্ট সহায় কৰে৷ মাক হোৱাৰ স্বপ্ন পূৰণ কৰিবলৈ নিয়মিতভালে মালাসন কৰাৰ অভ্যাস কৰক৷ পাব আচৰিত ফল৷
কিদৰে কৰিব মালাসন ঃ- এই আসন কৰিবলৈ সিমান কঠিন নহয়৷ এই আসন কৰিবলৈ প্ৰথমে আপুনি মাটিত ভৰিত ভৰ দি বহি লওক৷ এই ভংগীত ভৰি দুখনৰ মাজত কিছু দূৰত্ব ৰাখক৷ তাৰ পাছত হাত দুখন জোৰা লগাই প্ৰণাম কৰাৰ ভংগীত আগলৈ আগবঢ়াই দিব৷ এই অৱস্থাত মনত ৰাখিব হাত দুখনেৰে যাতে ভৰি দুখন লগ নলগাকৈ আঁঠু দুটাত হেঁচা মাৰি ধৰা হয়৷ এই সময়ত গোটেই শৰীৰৰ ভৰ ভৰি দুখনে বহন কৰিব৷ এইদৰে চাৰি মিনিটমান থাকি পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷ আসনবোৰৰ ভিতৰত এই আসন অত্যন্ত উপকাৰী৷