গৰ্ভাৱস্থাত স্বাস্থ্য উপযোগী আসন পদবি উত্তোলন কৰক

0
17

আসন তথা যোগৰ অনুশীলনে শৰীৰ মন সুস্থ তথা নিৰোগী কৰি ৰখাত সহায় কৰে৷ নিয়মিতভাৱে পুৱা বা গধূলি যিকোনো সময়তে আমি যদি আধা ঘণ্টাৰ বাবেও এইদৰে বিভিন্ন পদ সঞ্চালন কৰি যোগাব্যায়াম বা শৰীৰচৰ্চাৰ অভ্যাস গঢ় দিব পাৰোঁ, তেন্তে শৰীৰটো দীৰ্ঘকালধৰি সুস্থ সবল হৈ থকাৰ লগতে যিকোনো বেমাৰে সহজে আক্ৰমণ কৰিব নোৱাৰে৷ শৰীৰৰ সুস্বাস্থ্য মানেই আপুনি নিৰোগী৷ গতিকে দৈনিক অন্ততঃ কিছু সময়ৰ বাবেও যোগব্যায়াম কৰা অত্যন্ত জৰুৰী৷ আনহাতে যোগব্যায়ামৰো বিভিন্ন প্ৰকাৰৰ আছে আৰু প্ৰকাৰভেদে ইয়াৰ গুণাগুণো পৃথক৷ এইবোৰৰ ভিতৰতে আমি সকলোৱে সহজে কৰিব পৰা এবিধ যোগ বা আসন হ’ল পদবি উত্তোলন বা বিপৰীত কৰণী মুদ্ৰা৷ এই আসনবিধ কৰিবলৈ অতি সহজে যদিও ইয়াৰ ফলাফল কিন্তু আশ্চৰ্যকৰ৷ পদবি উত্তোলন নিয়মিতভাৱে কৰাৰ অভ্যাস কৰিলে মস্তিষ্কৰ ৰক্ত সঞ্চালন বৃদ্ধি পায়৷ সাধাৰণতে দিনৰ দিনতো ভৰিৰ ওপৰত চাপ দিয়েই আমি দৈনন্দিন কৰ্ম সম্পাদন কৰোঁ৷ ইয়াৰ ফলত ভৰি দুখনত যথেষ্ট চাপ পৰে আৰু কষ্ট হয়৷ সেয়ে কাম অন্তত জিৰণি লোৱাৰ সময়ত এই পদবি উত্তোলন মুদ্ৰা কৰিলে ভৰিৰ ওপৰত চাপ পৰাৰ কাৰণে হোৱা অৱসাদ দূৰ হয়৷ আনহাতে মহিলাসকলৰ ক্ষেত্ৰত বিশেষকৈ, গৰ্ভাৱস্থাত এই আসন কৰিলে যথেষ্ট সুফল পাব পাৰে৷ গৰ্ভজাত সন্তান তথা গৰ্ভৱতী মাতৃগৰাকীৰ সুস্বাস্থ্যৰ বাবে এই আসন কৰিলে ভাল ফল পোৱা যায়৷
কিদৰে কৰিব পদবি উত্তোলন ঃ- এই আসন কৰিবলৈ অতি উজু৷ প্ৰথমে মাটিত শুই ল’ব৷ মনত ৰাখিব শোৱাৰ সময়ত যাতে দেৱাল বা ঘৰৰ বেৰ কাষত থাকে৷ এতিয়া দেৱালৰ কাষ চাপি আহি দুয়োখন ভৰি লাহে লাহে দেৱালৰ ওপৰলৈ উঠাই দিয়ক৷ সম্পূৰ্ণ পোন কৰি এইদৰে দেৱালত ভেঁজা দি দহ মিনিটমান সময়ত ভৰি দুখন ওপৰতে ৰাখক৷ কিছু সময় পাছত ভৰি নমাই আনি জিৰণি লওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here