৩০ৰ পাছত মহিলাসকলৰ বাবে এইধৰণৰ খাদ্য

0
12

মহিলাসকলৰ ৩০ বছৰৰ পাছত শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে৷ বিশেষকৈ মহিলাগৰাকী যদি ৱৰ্কিং ওমেন হয়, তেন্তে তেওঁ নিজৰ খোৱা-বোৱাৰ ক্ষেত্ৰত বিশেষ ধ্যান দিয়া উচিত৷ কিয়নো, প্ৰায়ে ৩০ৰ পাছত মহিলাসকলৰ শৰীৰত আইৰনৰ অভাৱ, ওজন বৃদ্ধি, কেলচিয়ামৰ অভাৱত হাড় ক্ষয় যোৱা, ডায়েবেটিছ আদি বিভিন্ন সমস্যাই জুুমুুৰি ধৰে৷ সেয়েহে আজি আমি আলোচনা কৰিম– ৩০ৰ পাছত মহিলাসকলে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত৷
৩০ৰ পাছত মহিলাসকলে পাচলিৰ ভিতৰত ব্ৰকলি, ৰঙালাও, জাতিলাও, গাজৰ, অমিতা, সেউজীয়া শাক-পাচলি আদি খোৱা উচিত৷ এনেধৰণৰ পাচলিয়ে বিশেষকৈ গৰমৰ দিনত শৰীৰটো সুস্থ কৰি ৰখাত সহায় কৰে৷
৩০ৰ পাছত মহিলাসকলৰ হাড় ক্ষয় যোৱাৰ সমস্যাই দেখা দিয়ে৷ সেয়েহে তেনে সময়ত কেলচিয়াম, ভিটামিন-ডিযুক্ত খাদ্য যেনে–গাখীৰ, দৈ, চিজ, কণীৰ কুহুম আদি খোৱা উচিত৷
ডায়েটেৰী ফাইবাৰযুক্ত খাদ্যই ৩০ৰ পাছত তেজৰ গ্লুকজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ সেয়েহে এনে সময়ত মহিলাই বাদাম, ফল, মাহজাতীয় শস্য যেনে– বুট, মটৰ, ৰাজমা, লুবিয়া আদি খোৱা উচিত৷
যিহেতু ৩০ৰ পাছত মহিলাসকলৰ মুখত বয়সৰ চাপ পৰা আৰম্ভ হয়৷ সেয়েহে মহিলাসকলে তৰমুজ, ডালিম, মিঠাআলু, ওটছ, মৌ, গ্ৰীন টী আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত৷
৩০ৰ পাছত মহিলাসকলে চেনিযুক্ত খাদ্য যেনে– মিঠাই, পেষ্টি˜, কে’ক, চকলেট তথা নিমখ খোৱা বাদ দিয়া উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here