মহিলাৰ অনিয়মীয়া মাহেকীয়াৰ পৰিত্ৰাণৰ ঘৰুৱা উপায়

0
44

মহিলাসকলে সন্মুখীন হোৱা শাৰীৰিক সমস্যাসমূহৰ ভিতৰত অন্যতম হৈছে মাহেকীয়া অিনয়মীয়া হোৱা৷ মাহেকীয়া ঋতুস্ৰাৱ সময়মতে নোহোৱা বা একেৰাহে হৈ থাকিলে, ঋতু আৰম্ভ হোৱাৰ লগে লগে অত্যধিক পৰিমাণে স্ৰাৱ হোৱা, কেইবামাহৰ মূৰত এবাৰ ঋতুস্ৰাৱ হোৱা, প্ৰচণ্ড পেটৰ বিষ এনেধৰণৰ সমস্যাসমূহক মাহেকীয়া অনিয়মীয়া বুলি কোৱা হয়৷
চিকিৎসা বিজ্ঞানৰ ভাষাত polymenorrhea, Dysmenorrhea, oligomenorrhea আদি মাহেকীয়া অনিয়মীয়া হোৱাৰ বিভিন্ন কাৰণ আছে৷ তাৰ ভিতৰত সাধাৰণতে কিছুমান ঔষধৰ পাশ্বৰ্ক্ৰিয়া, অধিক পৰিশ্ৰম, হৰমনৰ অসন্তুলন, জন্ম নিয়ন্ত্ৰণ ঔষধ সেৱন, পৰ্যাপ্ত কেলৰিৰ অভাৱ, প্ৰয়োজনতকৈ অধিক শকত বা খীণ হোৱা আদিবোৰে মাহেকীয়া অনিয়মৰ কাৰণ৷ এনেধৰণৰ সমস্যা হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী৷ ইয়াৰ উপৰি আপুনি কিছু ঘৰতে সাৱধানতা আৰু উপায় অৱলম্বন কৰি অলপ হ’লেও সকাহ পাব পাৰে৷
দৈনিক যোগাসন বা শৰীৰচৰ্চাই হৰমনৰ অসন্তুলনৰ ফলত হোৱা মাহেকীয়া অনিয়মীয়া প্ৰতিৰোধ কৰিব পাৰে৷ যোগাসনে মাহেকীয়াত হোৱা পেটৰ বিষো নিৰাময় কৰিব পাৰে৷
দৈনিক আদা সেৱন কৰিলে মাহেকীয়া সম্বন্ধীয় যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ ইয়াৰ বাবে আদা পানীত উতলাই সেই পানী সেৱন কৰিলে উপকৃত হ’ব পাৰি৷
কেইটামান ৰঙা জবাফুলৰ পাত পিচি একেৰাহে খালে সুফল পোৱা যায়৷
ডালচেনিয়ে মাহেকীয়া নিয়মীয়া কৰাৰ লগতে পেটৰ বিষ, অত্যধিক ৰক্তক্ষৰণ, বমি আদি ভাব দূৰ কৰে৷ ইয়াৰ বাবে আপুনি ডালচেনি আৰু মৌ মিশ্ৰণ কৰি এগিলাচ গৰম পানীৰ লগত মাহেকীয়া হোৱাৰ প্ৰথম দুদিনত খাব লাগে৷
মাহেকীয়া অনিয়মীয়াত পেটৰ বিষ হ’লে সৰিয়হ বটি লৈ গৰম কৰি পেটত প্ৰলেপ দিলে বিষৰ উপশম ঘটে৷
অশোক গছৰ ছালৰ ৰস নিয়মীয়াকৈ খালে ঋতুস্ৰাৱ নিয়মীয়া হয় আৰু জৰায়ুৰ ক্ৰিয়া ভাল হয়৷
মাহেকীয়াৰ সময়ত অত্যধিক ৰক্তক্ষৰণ হ’লে শৰীৰত তেজৰ পৰিমাণ কমিবলৈ ধৰে৷ এনে সময়ত আইৰন আৰু ভিটামিন-চিযুক্ত খাদ্য প্ৰচুৰ পৰিমাণে খোৱা উচিত৷ অধিক চৰ্বিজাতীয় খাদ্য পৰিহাৰ কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here