চুলি স্বাস্থ্যৰ বাবে এই যোগাসন কৰক

0
47

যোগব্যায়াম হ’ল বিভিন্ন সম্ভাব্য শাৰীৰিক তথা মানসিক স্বাস্থ্য সুবিধাসহ এটা প্ৰাচীন অনুশাসন৷ চুলিৰ বৃদ্ধি, চুলি সৰা সমস্যা তথা চুলিৰ স্বাস্থ্যৰ উপায় হিচাপে যোগব্যায়ামে সম্প্ৰতি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ চুলিৰ বিভিন্ন সমস্যা নিৰাময় কৰি চুলি সুস্বাস্থ্য তথা দেখনিয়াৰ কৰিবলৈ যোগ কৰাটো নিতান্তই প্ৰয়োজন৷ চুলিৰ যত্নৰ বাবে এইবোৰ যোগাসন কৰিলে সুফল পাব পাৰে৷

উষ্ট্ৰাসন ঃ- যদি আপোনাৰ চুলি বেছিকৈ সৰিবলৈ ধৰে বা চুলি সৰাটো সাংঘাতিকভাৱে বৃদ্ধি পায়, তেন্তে এই আসন কৰিলে সুফল পাব পাৰি৷ এই আসন কৰিবলৈ প্ৰথমে মাটিত আঁঠু কাঢ়ি বহি লৈ তাৰ পাছত লাহে লাহে মানুহজন পিছফাললৈ হাউলি যোৱাৰ চেষ্টা কৰক৷ এনে সময়ত হাত দুখনেৰে পিছফালেৰে ভৰিৰ গোৰোহাত ধৰি শৰীৰৰ ভাৰ নিয়ন্ত্ৰণ কৰক৷ এই আসন কৰাৰ সময়ত পেটত যাতে প্ৰেছাৰ পায়, তালৈ মন কৰিব৷ এইদৰে কিছুসময় থাকি পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷ জিৰণি লৈ তিনিবাৰমান এনেদৰে কৰাৰ চেষ্টা কৰক৷
অধোমুখাসন ঃ- এই আসন কৰিবলৈ পোনতে মানুহজন চিত হৈ শুই ল’ব৷ তাৰ পাছত হাতত দুখন আগলৈ দি ভৰিৰ মাজত কিছু ব্যৱধান ৰাখি, দুখোখন দীঘলকৈ দি মানুহজন ওপৰলৈ উঠাৰ ভংগীত থাকক৷ এনে অৱস্থাত কঁকালখন একেবাৰে শীৰ্ষলৈ নি ভৰি আৰু হাত দুখন মাটিত স্পৰ্শ কৰি শৰীৰৰ ভাৰসাম্য বজাই ৰখাৰ চেষ্টা কৰক৷ মূৰটো লাহে লাহে মাটিত লগাই দিয়ক৷ এইদৰে কেইবাৰমান উঠা নমা কৰক৷ এইদৰে কৰাৰ পাছৰ পুনৰ আগলৈ ঘূৰি আহক৷
বজ্ৰাসন ঃ- এই আসন কৰিবলৈ একেবাৰে সহজ যদিও ইয়াৰ সুফল আপুনি হয়তো কল্পনাও কৰিব নোৱাৰে৷ এই আসন কৰিবলৈ আপুনি প্ৰথমে দুভৰিৰ ওপৰত বহি লওক৷ তাৰ পাছত মেৰুদণ্ড একেবাৰে পোন কৰি গভীৰভাৱে শ্বাস-প্ৰশ্বাস লওক৷ হাতৰ বুঢ়া আৰু অনামিকা আঙুলি একেলগ কৰি ধৰি থাকক আৰু হাত দুখন উৰুৰ ওপৰত ৰাখক৷ চকু দুটা মুুদি লৈ ডাঙৰকৈ ঔম ধবনি উচ্চাৰণ কৰক৷ এইদৰে কেইবাবাৰো উচ্চাৰণ কৰাৰ পাছত কিছু জিৰণি লৈ পুনৰ আৰম্ভ কৰক৷ ২০ মিনিটমান এই আসন কৰিব পাৰে৷
নিয়মিতভাৱে এইবোৰ আসন কৰিলে শৰীৰৰ স্বাস্থ্য উন্নত হোৱাৰ লগতে চুলিৰ সুৰক্ষাতো বিশেষ ভূমিকা গ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here