গৰ্ভাৱস্থাত সঘনাই ভাত খোৱাৰ অভ্যাস উচিতনে ?

0
82

গৰ্ভাৱস্থা মহিলাসকলৰ জীৱনৰ অত্যন্ত বিশেষ এটা অধ্যায়৷ এই সময়খিনি সন্তান সম্ভৱা মাতৃগৰাকীয়ে সকলো দিশতে যথেষ্ট সাৱধানতা অৱলম্বন কৰা দৰকাৰ৷ এগৰাকী গৰ্ভৱতী মহিলাই কি কৰা উচিত বা কি কৰা অনুচিত সেই সম্পৰ্কে তেওঁলোকে অতিৰিক্ত সতৰ্কতা অৱলম্বন কৰা ভাল৷ কিয়নো গৰ্ভৱতী মহিলাগৰাকীৰ প্ৰতিটো কামেই গৰ্ভস্থ সন্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱিত কৰে৷ খাদ্য খোৱাৰ ক্ষেত্ৰতে মহিলাগৰাকীৰ বাবে বিভিন্ন বিধি নিষেধ থাকে৷ এই সময়খিনি মহিলাগৰাকীৰ ভোক যথেষ্ট বাঢ়ে বাবে যেতিয়াই তেতিয়াই খোৱাৰ ইচ্ছা জাগে৷ গৰ্ভাৱস্থাৰ সময়ত বেছিকৈ খোৱাৰ প্ৰয়োজন হয় বাবে বহুতো মহিলাই এই সময়ত দিনে দুবাৰ তিনিবাৰ ভাত খাবলৈ লয়৷ এইদৰে দিনত কেইবাবাৰো ভাল খালে গৰ্ভৱতী মহিলাগৰাকীৰ অজানিতেই গৰ্ভস্থ সন্তানৰ ক্ষতি কৰিব পাৰে৷ এই সম্পৰ্কে জানো আহক৷
ভাতত প্ৰচুৰ পৰিমাণ শৰ্কৰা থাকে৷ যাৰ জৰিয়তে শৰীৰে শক্তি আহৰণ কৰে৷ ভাত খোৱাৰ ফলত গৰ্ভৱতী মহিলাগৰাকীক শক্তি দিয়ে৷ ভাতত ভিটামিন-ডি, থিয়ানিন আৰু ৰাইবোফ্লেভিনৰ দৰে প্ৰয়োজনীয় উপাদান থাকে৷ ফাইবাৰ, কেলচিয়াম আৰু আইৰনৰ দৰে খনিজৰ উপস্থিতিয়ে ভাতক পুষ্টিকৰ খাদ্যত পৰিণত কৰে৷ ছালৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ ছডিয়ামৰ ভাৰসাম্য ৰক্ষা কৰে৷ কিন্তু গৰ্ভাৱস্থাত ভাত খাওঁতে কিছু সাৱধান হোৱা দৰকাৰ৷ গৰ্ভৱতী মহিলাই ভালদৰে সিদ্ধ ভাতহে খোৱা উচিত৷ আধাসিজা ভাতে বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ অসিদ্ধ ভাত খোৱাৰ ফলত পেটৰ বিষ, পেট চলা আদি সমস্যই দেখা দি সন্তানৰ ক্ষতি কৰিব পাৰে৷ গৰ্ভৱতী মাতৃগৰাকীয়ে অতিৰিক্ত ভাত খোৱাৰ ফলত শৰীৰৰ ওজন বৃদ্ধি হ’ব পাৰে৷ মনত ৰখা ভাল যে গৰ্ভৱতী মহিলাৰ ওজন বাঢ়িলে গৰ্ভস্থ সন্তান প্ৰসৱ কৰাত অসুবিধাৰ সৃষ্টি হ’ব পাৰে৷ বগা ভাত অতিৰিক্ত পৰিমাণে খালে গৰ্ভাৱস্থাত ডায়েবেটিছ ৰোগে দেখা দিব পাৰে আৰু ইয়াৰ প্ৰভাৱ গৰ্ভস্থ সন্তানৰ ওপৰতো পৰে৷ ভাতত প্ৰচুৰ পৰিমাণে আৰ্ছেনিক থাকে৷ আৰ্ছেনিকৰ কাৰণে গৰ্ভস্থ সন্তানৰ অকাল মৃত্যুৰ কাৰণ হ’ব পাৰে৷ সেয়ে গৰ্ভাৱস্থাত অত্যধিক পৰিমাণে ভাত খোৱাৰ পৰিৱৰ্তে নিয়ম অনুযায়ী খোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here