ষ্টোনহেঞ্জৰ অৱস্থানৰ সৈতে মহাকাশৰ যোগসূত্ৰৰ সম্ভাৱনা

0
107

যুক্তৰাষ্ট্ৰৰ ঐতিহাসিক স্থাপত্য ষ্টোনহেঞ্জৰ অৱস্থানৰ সৈতে মহাকাশ তথা সূৰ্যৰ কোনো যোগসূত্ৰ আছে নে নাই, সেই সম্পৰ্কে গৱেষকে তদাৰক কৰিছে৷ এই আদিম স্থাপত্য আৰু মহাকাশৰ এক বিশেষ মুহূৰ্ত, যি প্ৰতি ১৮ বছৰৰ অন্তৰে অন্তৰে এবাৰ ঘটে৷ সেয়ে ইয়াৰ মাজত থকা সম্ভাব্য যোগসূত্ৰক লৈ গৱেষণা আৰম্ভ কৰিছে ইংলিছ হেৰিটেজ নামৰ সংস্থা এটাৰ বিশেষজ্ঞৰ দলে৷ এই বিশেষ মুহূৰ্ত মূলতঃ একে এক সময়, য’ত চন্দ্ৰোদয় আৰু চন্দ্ৰাস্ত সময় দিগন্তৰ সকলোতকৈ দূৰত্বৰ অৱস্থান কৰি থাকে৷ ইয়াৰ পৰৱৰ্তী ঘটনা দেখা যাব সম্ভৱতঃ ২০২৪-২৫ বৰ্ষত৷ গৱেষকে ধাৰণা কৰিছে যে মহাকাশত যিধৰণৰ গতিবিধি সম্ভৱতঃ ষ্টোনহেঞ্জৰ প্ৰাথমিক ঢাপত চিনাক্ত কৰা যায়, যিয়ে পৰৱৰ্তীত ইয়াৰ নক্সা কৰাৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়৷ বোৰ্নমাউথ ইউনিভাৰছিটিৰ গৱেষক ড॰ ফাবিঅ’ চিলভাই কৈছে যে আমি এতিয়াও প্ৰমাণ কৰিব পৰা নাই যদিও এই স্থাপত্য আৰু মহাকাশৰ সম্ভাব্য যোগসূত্ৰক লৈ আৰু নিৰ্ভৰশীল যুক্তি দাঙি ধৰাৰ চেষ্টা অব্যাহত থাকিব৷ তেওঁ লগতে উল্লেখ কৰে যে প্ৰতি ১৫ দিনৰ অন্তৰে অন্তৰে উত্তৰ দিশৰ পৰা চন্দ্ৰোদয় হয়, যি এটা সময়ত দক্ষিণ দিশে গতি কৰে৷ এই ক্ষেত্ৰত ষ্টোনহেঞ্জৰ দৰে স্থানবোৰৰ মহাকাশৰ সৈতে সংযোগ থাকিব পাৰে৷ মূলতঃ সূৰ্যৰ গতিবিধিৰ সৈতে যোগসূত্ৰৰ কাৰণে পৰিচিত ষ্টোনহেঞ্জ৷ বিশেষকৈ গ্ৰীষ্মকালত যেতিয়া সূৰ্যোদয়ৰ সাক্ষী হয়, তেতিয়া হাজাৰ হাজাৰ মানুহে ভিৰ কৰে এই স্মৃতিস্তম্ভত৷ অতীতত মানুহে কিদৰে আকাশৰ বিভিন্ন ঘটনা বুজাৰ চেষ্টা কৰিছিল, সেই বিষয়ে গৱেষণা কৰা জ্যোৰ্তিবিদ আৰু ইউনিভাৰছিটি অব লেষ্টাৰৰ অধ্যাপক ক্লাইভ ৰাগলছে কৈছে যে সূৰ্যৰ সৈতে ষ্টোনহেঞ্জৰ স্থাপত্যৰ সংযোগ থকাৰ বিষয়টো সকলোৱে জানে৷ অৱশ্য মহাকাশৰ সৈতে ইয়াৰ সম্পৰ্ক এতিয়াও ভালদৰে বুজি পোৱাটো সম্ভৱ হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here