কিছুমান মানুহৰ ক্ষেত্ৰত কেতিয়াবা দেখা যায় যে যি খাদ্যবস্তুকে দেখা পায়, পেটত ভোক নাথাকিলেও অনৱৰতে খাওঁ খাওঁ কৰি থাকে৷ এইটো চকুলৈ নোযোৰে বুলি ভবা হয়৷ আনহাতে কেতিয়াবা এনেও হয় যে বিশেষ কিছুমান খোৱাবস্তুৰ প্ৰতি লোভ বাঢ়ি যায়৷ অৰ্থাৎ সময় নাই অসময় নাই, সেই বিশেষ খাদ্যবিধ খোৱাৰ ইচ্ছা গৈ থাকে বা খায়৷ আচলতে এই ইচ্ছা শৰীৰৰ ওপৰত নিৰ্ভৰ কৰে৷ প্ৰতিটো বিশেষ সোৱাদৰ সৈতে শৰীৰৰ কোনোবাটো অংগ জড়িত হৈ থাকে৷ বিভিন্ন ক্ষেত্ৰত দেখা যায় যে অত্যন্ত মানসিক চাপত থাকিলে বিভিন্নজনৰ মিঠাই খোৱাৰ প্ৰৱণতা বাঢ়ে৷ সেয়ে প্ৰায়ভাগ সময়েই যদি মিঠাই খোৱা হয়, তেন্তে সেই অভ্যাসটো মুঠেও স্বাভাৱিক নহয়৷ শৰীৰৰ বিশেষ কিছুমান পৰিৱৰ্তনৰ কাৰণে এনেদৰে মিঠাই খোৱাৰ প্ৰৱণতা বাঢ়ি যায়৷ জানো আহক সেইবোৰ প্ৰৱণতা কি?
দৈনিক ডায়েটত প্ৰ’টিন, কাৰ্বহাইড্ৰেট আৰু ফেটৰ ভাৰসাম্য বজাই ৰখাটো খুব জৰুৰী৷ বেছি মাত্ৰাত কাৰ্বহাইড্ৰেট শৰীৰত প্ৰৱেশ কৰাৰ ফলত ইনছুলিনৰ ক্ষৰণ বাঢ়ি যায়৷ যাৰ ফলত আৰু বেছি মাত্ৰাত কাৰ্বহাইড্ৰেট খোৱাৰ প্ৰৱণতা বাঢ়ে৷
পৰ্যাপ্ত বা সঠিক মাত্ৰাত টোপনি হ’লে শৰীৰৰ বিভিন্ন হৰমনৰ ভাৰসাম্য বজাই ৰাখে৷ লেপটিন নামৰ হৰমনবিধে শৰীৰৰ কাৰণে কোন খাদ্য কিমান প্ৰয়োজন অথবা কোনো খাদ্য খোৱাৰ প্ৰতি অনীহা আদিৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে৷ টোপনিত ব্যাঘাত বা পৰ্যাপ্ত মাত্ৰাত টোপনি নহ’লে এই হৰমনৰ উৎপাদন কনি যায়৷ যাৰ ফলত মিঠাই খোৱাৰ প্ৰৱণতা বাঢ়ে৷
উদ্বেগ আৰু মানলিক চাপৰ কাৰণে শৰীৰত কৰ্টিছেল নামৰ হৰমনৰ ক্ষৰণ বাঢ়ি যায়৷ এই হৰমনবিধে ইনছুলিনৰ ভাৰসাম্যতা বিঘ্নিত কৰে৷ সেয়ে চেনিজাতীয় খাদ্য খোৱাৰ ইচ্ছা বাঢ়ি যায়৷
পুষ্টিবিদৰ মতে শৰীৰত কেলচিয়াম, মেগনেচিয়াম, ক্ৰমিয়াম আদি খনিজৰ অভাৱ হ’লে হঠাতে মিঠাই খোৱাৰ প্ৰৱণতা বাঢ়ি যায়৷