ইউৰোপত ছিট্টাকোছিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

0
284


বিশ্ব স্বাস্থ্য সংস্থা বা ‘হু’ই সাৱধানবাণী জাৰি কৰিছে যে ইউৰোপত ছিট্টাকোছিছ বা পেৰট ফিভাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে৷ পেৰট ফিভাৰ বুলি পৰিচিত এই ৰোগবিধত ইউৰোপত বিভিন্ন দেশৰ ভালেসংখ্যক লোক আক্ৰান্ত হৈছে৷ ২০২৩ বৰ্ষত পোনপ্ৰথনে চিনাক্ত হোৱা এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱ যোৱা কেইটামান দিনৰ ভিতৰত ইউৰোপত যথেষ্ট বৃদ্ধি পাবলৈ ধৰিছে৷ জানিব পৰা মতে এতিয়ালৈকে ইউৰোপৰ শতাধিক লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু কেইবাজনো লোকৰ মৃত্যু ঘটিছে৷ চিকিৎসকে সদৰী কৰা মতে ক্লেমাইডিয়া ফেমিলিৰ বেক্টেৰিয়াৰ আক্ৰমণৰ ফলত এই পেৰট ফিভাৰ সংক্ৰমণ হয়৷ সাধাৰণতে এই ৰোগ বিভিন্ন ঘৰচীয়া অথবা বনৰীয়া চৰাই-চিৰিকটিৰ জৰিয়তে ইয়াৰ সংক্ৰমণ ঘটে৷ আক্ৰান্ত চৰাইৰ দেহত এই ৰোগৰ লক্ষণ দেখা পোৱা নাযায় যদিও চৰাইবোৰৰ উশাহ-নিশাহৰ জৰিয়তে এই বেক্টেৰিয়া সংক্ৰমণ ঘটে আৰু মানুহৰ দেহলৈ বিয়পি যায়৷ চিকিৎসকে জনোৱা মতে যেতিয়া কোনো ব্যক্তি এই বেক্টেৰিয়াৰ সংস্পৰ্শলৈ আহে তেতিয়া জ্বৰ, মূৰৰ বিষ, ঠাণ্ডা, পেশীৰ বিষ, ভাগৰ আদি ফ্লু আদিৰ দৰে লক্ষণ দেখা দিয়ে৷ এই ৰোগ অধিক গুৰুতৰ হ’লে নিউমোনিয়া আৰু অন্যান্য শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰো সৃষ্টি হ’ব পাৰে৷ ইয়াৰ উপৰি যিসকল লোকৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল বা ইতিমধ্যে শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি আছে, তেনে লোকৰ এই বীজাণুৱে সহজে আক্ৰমণ কৰিব পাৰে৷ এই ৰোগৰ প্ৰাদুৰ্ভাব বৃদ্ধি পোৱালৈ লক্ষ্য কৰি ইউৰোপ প্ৰশাসনে জনতাক সাৱধান তথা সচেতন হ’বলৈ আহবান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here