প্ৰযুক্তিগত অভিনৱ বিবাহএ আই হল’গ্ৰাফিক হ’ব জীৱনসংগী

0
329


বিশ্বত বিভিন্ন ধৰণৰ অভিনৱ বিবাহ সম্পন্ন হোৱাৰ বাতৰি প্ৰায়ে পোৱা যায়৷ কিছুদিনৰ আগতে এগৰাকী মহিলাই আনকি ভূতৰ সৈতে বিবাহত বহাৰ বাতৰিও প্ৰকাশ পাইছিল৷ শেহতীয়াকৈ তেনেধৰণৰ আন এখন অভিনৱ বিবাহৰ বাতৰি এতিয়া বিশেষভাৱে চৰ্চিত হৈছে৷ এই বিবাহখনক বিশ্বৰ ভিতৰতে আটাইতকৈ বিচিত্ৰ ধৰণৰ বিবাহ বুলি কোৱা হৈছে৷ মন কৰিবলগীয়া যে বৰ্তমান বিশ্বত কৃত্ৰিম বুদ্ধিমত্তাই [এ আই] বিশেষভাৱে প্ৰাধান্য লাভ কৰিছে৷ কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ জীৱনলৈ বৃহৎ পৰিৱৰ্তন আনিছে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে মানুহে যেন কৰিব নোৱৰা একো কাম নোহোৱা হৈ পৰিছে৷ শেহতীয়াকৈ স্পেইনৰ এগৰাকী মহিলাই প্ৰযুক্তিৰ সৈতে বিবাহত বহিব বুলি কৰা ঘোষণা কৰিছে৷ মহিলাগৰাকীয়ে কৰা ঘোষণা অনুসৰি তেওঁ এ আই হল’গ্ৰাফিক জীৱন সংগীৰ সৈতে বিয়াত বহিব বুলি ঘোষণা কৰে৷ এইখন হ’ব মানুহ আৰু প্ৰযুক্তিৰ প্ৰথম বিবাহ৷ এ আই হল’গ্ৰাফিক সংগীৰ সৈতে বিয়াত বহিবলৈ ওলোৱা মহিলাগৰাকীৰ নাম হ’ল এলিছিয়া ফ্ৰেমিছ৷ তেওঁ এগৰাকী স্পেনিছ শিল্পী৷ এই বিবাহখনৰ সম্পৰ্কত এআইকাউন্সিলৰ নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে৷ এই ভিডিঅ’টোত এলিছিয়া ফ্ৰেমিছে নিজৰ এ আই হল’গ্ৰাফিক পাৰ্টনাৰৰ সৈতে বহি থকা দেখা পোৱা গৈছে৷ এলিছিয়াই এ আই সংগীৰ সৈতে বহি খাদ্য খোৱা আৰু কথা পতাও দেখা পোৱা গৈছে ভিডিঅ’টোত৷ এই বিয়াখন ৰটাৰডামত এক সমাৰোহত অনুষ্ঠিত হ’ব৷ সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি বিয়াৰ পাছত তেওঁলোকক ‘হাইব্ৰিড কাপল’ বুলি কোৱা হ’ব৷ এলিছিয়াই তেওঁৰ এ আই জীৱনসংগীৰ নাম ৰাখিছে ‘এআইলেক্স’৷ মহিলাগৰাকীয়ে বিবাহ কৰিবলৈ আগবঢ়া হল’গ্ৰাফিক জীৱনসংগী প্ৰকৃততে এক ভাৰ্চুৱেল ৰূপ৷ ইয়াক দেখা পাব পাৰি, কিন্তু স্পৰ্শ কৰিব নোৱাৰি৷ থ্ৰি-ডি এই প্ৰতিচ্ছবিক স্ক্ৰীনত দেখা পাব পাৰি৷ এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এই ভাৰ্চুৱেল প্ৰতিচ্ছবিক জীৱন্ত ৰূপত প্ৰকাশ কৰিব পৰা হৈছে৷ এই প্ৰতিচ্ছৱিয়ে আনকি কথা-বতৰা পতা আদি মানুহৰ দৰেই কিছুমান কাম কৰিব পাৰে৷ মহিলাগৰাকীয়ে প্ৰকাশ কৰা উক্ত ভিডিঅ’টোক লৈ অৱশ্যে সামাজিক মাধ্যমত বিতৰ্কৰো সৃষ্টি হৈছে৷ কিয়নো এই এ আই হল’গ্ৰাফিক জীৱনসংগীক বাচন ধোৱাও দেখা পোৱা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here