চুজিয়ে স্বাস্থ্যৰ যতনত মেজিকৰ দৰে কাম কৰে

0
764


পুৱাৰ জলপান অথবা আবেলি জিৰণিৰ সময়ত ফিকা চাহকাপৰ সৈতে খোৱা তথা মাকে ল’ৰা-ছোৱালীক স্কুলৰ টিফিনত দিবৰ বাবে বিবেচনা কৰা সুস্বাদু খাদ্যৰ ভিতৰত চুজি অন্যতম৷ খুব কম সময়ৰ ভিতৰতে এইবিধ খাদ্য প্ৰস্তুত কৰিব পৰা বাবে বহুতেই ইয়াক খোৱাৰ কাৰণে নিৰ্বাচন কৰে৷ অকল খাবলৈ সুস্বাদুয়েই নহয় চুজিৰ আছে বহুতো খাদ্যগুণ৷ চুজিত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যিয়ে হৃদৰোগৰ আশংকা কমাই ৰাখে৷ আনহাতে চুজিয়ে কলেষ্টৰেল, ৰক্তচাপ তথা প্ৰদাহ ৰোধ কৰাত সহায় কৰে৷ ইয়াৰ ফলত হাৰ্টৰ সুস্থতা বজাই ৰখাত সহায় কৰে৷ চুজি নিয়মিতভাৱে খালে হৃদৰোগত সৈতে যুঁজ কৰাৰ শক্তি পোৱা যায়৷ গৰ্ভৱতী মহিলাসকলে নিয়মিত চুজি খোৱা দৰকাৰ৷ এই সময়ছোৱাত তেওঁলোকৰ দেহত ৰক্তকণিকাৰ পৰিমাণ হ্ৰাস পায়৷ তাৰ লগতে কমি যায় অক্সিজেনৰ মাত্ৰাও৷ চুজিত থকা আইৰনে এই সকলো সমস্যাৰ সমাধান কৰিব পাৰে৷ আইৰন আৰু পটেচিয়ামৰ অন্যতম উৎস হ’ল চুজি৷ মানৱ দেহৰ তেজত হিমগ্লবিনৰ মাত্ৰা বঢ়াবলৈ তথা ৰক্তাল্পতাৰ আশংকা কমাবলৈ নিয়মিতভাৱে চুজি খোৱা দৰকাৰ৷ আনহাতে চুজি খোৱাৰ ফলত দীৰ্ঘসময় ধৰি পেট ভৰ্তি থাকে বাবে বহুসময় ভোগ নলগাকৈ থাকে৷ চুজিত পৰ্যাপ্ত পৰিমাণে প্ৰ’টিন পোৱা যায়৷ শৰীৰৰ পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিনে মেদ কমোৱাত সহায় কৰে৷ যাৰ ফলত শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত সহজ হয়৷ নেশ্যনেল লাইব্ৰেৰী অব মেডিচিনৰ গৱেষণা অনুসৰি চুজিয়ে পাচনতন্ত্ৰত থকা স্বাস্থ্যকৰ বেক্টেৰিয়া বৃদ্ধিত সহায় কৰে৷ যাৰ কাৰণে হজমৰ শক্তি বাঢ়ে, কোষ্ঠকাঠিন্য, বদহজম আদিৰ দৰে সমস্যা সমাধান হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here