১৭ বছৰ মহাকাশত থকাৰ পাছতপৃথিৱীত ধবংস ভাৰতীয় ছেটেলাইট

0
544


যোৱা ১৪ ফেব্ৰুৱাৰীত পৃথিৱীৰ বুকুত ভাঙি পৰিল ইছৰ’ৰ ছেটেলাইট কাৰ্টোছেট-২৷ দীৰ্ঘ ১২ বছৰ মহাকাশত কাম কৰি আছিল এই ছেটেলাইটটোৱে৷ আনহাতে বিগত প্ৰায় পাঁচ বছৰ ধৰি মহাকাশত সক্ৰিয় অৱস্থাতে আছিল এই ছেটেলাইটটো৷ কাৰ্টোছেট-২ ছেটেলাইটটো মহাকাশৰ পৰা পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে আৰু পৃথিৱীৰ বুকুত অহাৰ পাছতে ভাঙি চূৰ্ণাকৃত হয়৷ এই খবৰ নিশ্চিত কৰিছে ইছৰ’ৱে৷ ভাৰতীয় মহাকাশ বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানটোৱে জনাইছে যে বুধবাৰ ১৪ ফেব্ৰুৱাৰীত এই ছেটেলাইটটো পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে মহাকাশৰ পৰা৷ দুপৰীয়া তিনি বাজি ৪৮ মিনিটত ভাৰত মহাসাগৰৰ ওপৰত ছেটেলাইটটো প্ৰৱেশ কৰে৷ বায়ুমণ্ডলত প্ৰৱেস কৰাৰ লগে লগে ইয়াৰ অধিকাংশ যন্ত্ৰাংশ ধবংসপ্ৰাপ্ত হয়৷ বাকী যিখিনি থাকে সেয়া সমুদ্ৰত বিলীন হৈ পৰে৷ উল্লেখ্য যে ২০০৭ চনত এই ছেটেলাইটটো মহাকাশলৈ পঠাইছিল ইছৰ’ৱে৷ ২০২৯ চনপৰ্যন্ত এই ছেটেলাইটটো কাৰ্যকৰী আছিল৷ ইয়াত সংলগ্ন উচ্চ ক্ষমতাসম্পন্ন কেমেৰাই মহাকাশক পৰা পৃথিৱীলৈ ছবি তুলি প্ৰেৰণ কৰিছিল৷ যাৰ জৰিয়তে মহাকাশৰ বিভিন্ন তথ্য লাভ কৰিছিল ইছৰ’ৱে৷ কিন্তু বিগত পাঁচ বছৰমানৰ পৰা ই অকামিলা হৈ পৰে৷ ইমান বছৰে ৬৮০ কেজি ওজনৰ এই ছেটেলাইটটো পৃথিৱীৰ পৰা ৬৩৫ কিলোমিটাৰ উচ্চতাত মহাকাশৰ নিৰ্দিষ্ট কক্ষপথত আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here