দেখিবলৈ অতিকে সুন্দৰ এইফুল যেন সৰ্বৰোগহাৰি

0
629


বসন্ত কাল আহিলে লগতে আহে পলাশ৷ পলাশৰ সুন্দৰতাই বসন্ত অহাৰ জাননী দিয়ে৷ এই পলাশ ফুলৰ মাজৰ ৰৈ পখীয়ে সুমধুৰ সংগীত জুৰে৷ প্ৰেমিক-প্ৰেমিকাই প্ৰেম নিৱেদনৰ মাধ্যম হৈ পৰে এপাহ পলাশ ফুল৷ বাটৰুৱাকো পলাশৰ ৰং তথা সৌন্দৰ্যতাই আকৰ্ষণ কৰি বিমূৰ্ত হৈ পৰে৷ মুঠতে পলাশ ফুল ৰং আৰু ইয়াৰ সৌন্দৰ্যতাৰ তুলনা নাই৷ এই ফুল যিমানেই আকৰ্ষণীয়, ঠিক সিমানেই ই প্ৰচুৰ আয়ুৰ্বেদিক গুণবিশিষ্টও৷ এই ফুলৰ আয়ুৰ্বেদ গুণ জানিলে আচৰিত হৈ পৰিব৷ সৰু সৰু খুন-ক্ষতিৰ পৰা আৰম্ভ কৰি কেঞ্চাৰ চিকিৎসালৈকে ইয়াৰ ব্যৱহাৰ বহুলভিত্তিত৷ পলাশৰ আয়ুৰ্বেদিক ব্যৱহাৰ সম্পৰ্কে আয়ুৰ্বেদ বিশেষজ্ঞ ডাঃ নগেন্দ্ৰ নাৰায়ণ শৰ্মাই বিস্তাৰিতভাৱে বৰ্ণনা কৰিছে এইদৰে–
পলাশৰ বীজ কৃমিনাশক৷ ইয়াত কৃমিৰোধী গুণ পোৱা যায়৷ যাৰ কাৰণে এই ফুলে পেটৰ কৃমি ধবংস কৰিব পাৰে৷ পলাশৰ বীজৰ গুড়ি নিয়মিতভাৱে সেৱন কৰিলে পেটৰ যিকোনো সংক্ৰমণৰ পৰা মুক্তি পাব পাৰে৷ ডায়েৰিয়াৰ দৰে ৰোগৰ পৰা সকাহ দিব পাৰে ইয়াৰ বীজে৷
পলাশ এণ্টি হাইপাৰগ্লাইছেমিক বৈশিষ্ট্য সকলোতকৈ বেছিকৈ পোৱা যায়৷ যিয়ে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে৷ শৰীৰৰ ভাল কলেষ্টৰেলক আৰু বেছি উন্নত কৰা ইয়াৰ ফুলে সহায় কৰে৷
আনহাতে পলাশৰ পাতৰো আছে ঔষধি গুণ৷ ইয়াৰ পাতে কফ আৰু পিত্ত কমোৱাত সহায় কৰে৷ যাৰ ফলত বিপাক ক্ৰিয়া উন্নত হয় আৰু উচ্চ ৰক্তচাপ কমোৱাত সহায় কৰে৷
ভুল খাদ্যাভ্যাসৰ কাৰণে যেতিয়া তেজ দূষিত হ’বলৈ আৰম্ভ কৰে, তেতিয়া পলাশৰ ছাল তেজ শোধন কৰাৰ বাবে খুব উপকাৰী৷ ভিতৰত থকা তেজক বিশুদ্ধ কৰাত পলাশৰ ফুলে সহায় কৰে৷
আয়ুৰ্বেদ শাস্ত্ৰ মতে পলাশ বীজৰ পেষ্ট লগালে ছালৰ সংক্ৰমণ নিৰাময় হয়৷ ইয়াৰ পেষ্ট লগালে ছালৰ শুষ্কতা, ৰুক্ষতা আদিৰ দৰে সমস্যা সমাধান হয়৷
পলাশৰ বীজে ৰক্তপাত ৰোধ কৰিব পাৰে৷ যাৰ কাৰণে ক্ষতস্থানৰ পৰা তেজ ওলোৱা বন্ধ হয়৷ পলাশৰ ফুল গোলাপ জলৰ সৈতে পিচি লৈ ক্ষতস্থানত লগালে ৰক্তপাত বন্ধ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here