সমগ্ৰ বিশ্বতে কৰ্কট ৰোগে ভয়াৱহভাৱে বিস্তাৰিত হৈছে৷ এই প্ৰাণঘাতক কেঞ্চাৰ ৰোগে এফালৰ পৰা যেন প্ৰাণ কাঢ়ি নিছে৷ গোটেই বিশ্বই এইবিধ ব্যাধিয়ে প্ৰাণঘাতক ৰূপ লৈ হাজাৰ হাজাৰ মানুহৰ মৃত্যু ঘটাইছে৷ গৱেষকসকলে এই ভয়ংকৰ ব্যাধিৰ পৰা পৰিত্ৰাণৰ উপয়া বিচাৰি অহৰহ চেষ্টা চলাইছে যদিও এতিয়ালৈকে একো সুফল লাভ কৰা নাই৷ যাৰ ফলত নিদ্বিৰ্ধাই কেঞ্চাৰৰ চিকাৰ হৈছে অসংখ্য লোক৷ ইয়াৰ মাজতে আহিছে এটা ভাল খবৰ৷ এইবাৰ কেঞ্চাৰ ৰোগ নিয়ন্ত্ৰণৰ বাবে অহোপুৰুষাৰ্থ কৰিছে ৰাছিয়াই৷ তাৰেই ফলশ্ৰুতিত ৰাছিয়াই কেঞ্চাৰৰ বীজাণু নিৰ্মূলৰ বাবে ভেকচিন প্ৰস্তুতৰ কাম হাতত লৈছে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে মস্কোত ভৱিষ্যৎ প্ৰযুক্তি সম্পৰ্কীয় এটা অনুষ্ঠানত ভাষণ দি কয় যে ৰাছিয়াৰ বিজ্ঞানীসকল কেঞ্চাৰৰ ভেকচিন উলিওৱাৰ ওচৰ চাপিছে আৰু হয়তো এই ভেকচিন সোনকালে ৰোগীসকলে লাভ কৰিব৷ টেলিভিছন যোগেদিয়া ভাষণত তেওঁ এই কথা প্ৰকাশ কৰে যদিও কি ধৰণৰ কেঞ্চাৰৰ বাবে ভেক্চিন উলিওৱা হ’ব সেই বিষয়ে নিৰ্দিষ্টকৈ নক’লে৷ উল্লেখ্য যে ভালেমান দেশ আৰু কোম্পানীয়ে কেঞ্চাৰৰ ভেকচিন উলিয়াবলৈ কাম কৰি আছে৷