জিৰাৰ স্বাস্থ্যৰ বাবেভালেমান উপকাৰী গুণ

0
158


সকলোৰে পাকঘৰত পোৱা এবিধ মছলা হ’ল জিৰা৷ খাদ্য সুস্বাদু কৰিবলৈ জিৰা ব্যৱহাৰ কৰা হয় যদিও জিৰাৰ স্বাস্থ্যৰ বাবে ভালেমান উপকাৰী গুণ আছে৷ জিৰাত লো, তাম, কেলচিয়াম, জিংক, পটেছিয়ামৰ দৰে উপাদান আছে৷ পাচন ক্ৰিয়া শক্তিশালী কৰি ৰখাৰ কাৰণে ঔষধ ৰূপেও জিৰা ব্যৱহাৰ কৰা হয়৷ জিৰা তিয়াই থৈ ইয়াৰ পানী খোৱাতো স্বাস্থ্যৰ বাবে উপকাৰী৷ কলেষ্টৰেলৰ সমস্যাত ভোগা লোকসকলৰ বাবে জিৰা উপকাৰী৷ জিৰাই শৰীৰ অপকাৰী কলেষ্টৰলে নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ ফলত হৃৎপিণ্ডৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ জিৰাই ৰক্ত ট্ৰাইগ্লিছৰাইড্‌ছ হ্ৰাস কৰাতো সহায় কৰে৷ ইয়াৰ উপৰি জিৰাৰ পানীয়ে ওজন হ্ৰাস কৰাতো সহায় কৰে৷ জিৰাত ভিটামিন-এ, ভিটামিন-চি, তাম, মেংগানিজ, এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ জিৰাৰ প্ৰদাহ প্ৰতিৰোধী গুণো আছে আৰু শৰীৰ কোনো অংশ ফুলি উঠিলে জিৰাই এই সমস্যা নিয়ন্ত্ৰণতো সহায় কৰে৷ জিৰা পানীয়ে শৰীৰৰ পৰা বিষাক্ত দ্ৰব্যসমূহ আঁতৰোৱাতো সহায় কৰে৷ আনহাতে জিৰাই অনিদ্ৰাৰ সমস্যা সমাধানতো সহায় কৰে৷ মানসিক চাপৰ লক্ষণসমূহ নোহোৱা কৰে৷ জিৰাৰ পানীয়ে শৰীৰৰ চৰ্বি নোহোৱা কৰাতো সহায় কৰে৷ এগিলাচ পানীত এচামুচ জিৰা দি কিছু সময় উতলাব লাগে৷ তাৰ পাছত এই পানীখিনি চেকি খাব লাগে৷ পুৱা খালী পেটত আৰু নিশাৰ আহাৰ গ্ৰহণ কৰাৰ আধা ঘণ্টাৰ পাছত জিৰাৰ পানী খাব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here