ভয়াৱহ পৰিৱৰ্তন : ইফালে গ্ৰীষ্ম প্ৰৱাহ, আনফালে বান-ধুমুহা

0
248


সমগ্ৰ বিশ্বতে বতৰৰ ভয়াৱহ পৰিৱৰ্তন দেখা পোৱা গৈছে৷ ইফালে গ্ৰীষ্ম প্ৰৱাহে দহিছে, আনফালে বান তথা বৰফৰ ধুমুহা আৰু একাংশ দেশত অভূতপূৰ্ব খৰাং হোৱা দেখা পোৱা গৈছে৷ বৰ্তমান আৰ্জেণ্টিনা প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ কবলত পৰিছে৷ দেশখনত তাপমাত্ৰা ৪০ ডিগ্ৰী ছেলচিয়াছ হৈছেগৈ৷ দেশখনত এইবাৰ ইতিহাসৰ আটাইতকৈ গৰম বছৰ বুলি কোৱা হৈছে৷ গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি দেশখনৰ লোকসকলে ছাঁ থকা স্থানত আশ্ৰয় লোৱাৰ লগতে নদী, বিল, পুখুৰীৰ শীতল পানীৰে গা ঠাণ্ডা কৰাৰ প্ৰচেষ্টা চলোৱা দেখা পোৱা গৈছে৷ ইয়াৰ লগতে মানুহৰ ঘৰৰ এচিয়েও ভালদৰে কাম কৰা নাই৷ ইফালে কেলিফ’ৰ্নিয়াত বতৰে দুই ফালৰ পৰাই মাধমাৰ শোধাইছে৷ কেলিফ’ৰ্নিয়াত সাগৰীয় ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰিছে৷ ইয়াৰ লগতে বৰফৰ ধুমুহা ফলত চৌদিশে বৰফৰ মোটা তৰপ পৰিছে৷ দক্ষিণ কেলিফ’ৰ্নিয়াত বায়ুমণ্ডলীয় নদীৰ কাৰণে ধাৰাসাৰ বৰষুণ হৈছে৷ লং বীচ্ছ আৰু লছ এঞ্জেলছ যথেষ্ট প্ৰভাৱিত হৈছে৷ ভালেমান স্থানত গাড়ী বানৰ পানীত ডুব গৈছে৷ বোকা, আৱৰ্জনাৰে ভৰি পৰিছে পথ৷ ভূস্খলন আৰু শিল খহি পৰাৰ বাতৰি পোৱা গৈছে৷ ইয়াৰ ফলত ভালেমান পথ বন্ধ হৈ পৰিছে৷ বিশেষকৈ প্ৰশান্ত মহাসাগৰৰ কাষেৰে পাৰ হোৱা ঘাইপথত অৰ্ধ শতাধিক দুৰ্ঘটনা হৈছে৷ ছেন ফ্ৰান্সিছকোতো ধাৰাসাৰ বৰষুণ হৈছে৷ মেমথ মাউণ্টেইন ৰেঞ্জত ভীষণ হিমপাত হৈছে৷ গাড়ী বৰফত পোত গৈছে৷ ইফালে ইউৰোপৰ কিছুমান স্থান এতিয়া ভয়াৱহ খৰাঙৰ কবলত পৰিছে৷ পূব স্পেইনৰ কেটালনিয়াত পৰিস্থিতিয়ে এনে ৰূপ লৈছেগৈ যে জনসাধাৰণক হাত ধৰি পানী খৰচ কৰিবলৈ পৰামৰ্শ দিয়া গৈছে৷ ছুইমিং পুলসমূহ খালী কৰি দিয়া হৈছে৷ গাড়ী ধোৱাত বাধা আৰোপ কৰা হৈছে৷ পূব স্পেইন ইতিহাসৰ ভিতৰত আটাইতকৈ ভয়াৱহ খৰাঙৰ কবলত পৰিছে৷ কেটালনিয়াৰ প্ৰায় ২০০খন গাঁও, নগৰ, চহৰত বাস কৰা প্ৰায় ৬০ লাখ লোকে বৰ্তমান খৰাঙত বাবে ত্ৰাহি মধুসূদন সুঁৱৰিব লগা হৈছে৷ এইধৰণৰ পৰিস্থিতি সমগ্ৰ বিশ্বৰ বিভিন্ন স্থানত দেখা পোৱা গৈছে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি ইয়াৰ প্ৰধান কাৰণ হ’ল জলবায়ু পৰিৱৰ্তন৷ বিজ্ঞানীসকলৰ মতে, জলবায়ু পৰিৱৰ্তনৰ ফলত বতৰ ইমানেই অনিয়মীয়া হৈ পৰিছে ইয়াৰ আগতীয়া অনুমান কৰাটো কঠিন হৈ পৰিছে৷ জলবায়ু পৰিৱৰ্তনে আনকি মাটিৰ সেমেকা অৱস্থা আৰু বায়ুমণ্ডলৰ মাজত চলি থকা প্ৰক্ৰিয়াৰ বাবে সৃষ্টি হোৱা শুষ্ক স্থিতি সলনি হ’বলৈ ধৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here