কেঞ্চাৰ নিৰাময়ৰ সঞ্জীৱনী!ঔষধি গুণৰ ‘খনি’ এই ফুলবিধ

0
658


ফুলক সৌন্দৰ্যৰ আকৰ বুলি কোৱা হয়৷ এখন ঘৰ শুৱনি তথা ইয়াৰ সৌন্দৰ্যতা বৃদ্ধিৰ বাবে ঘৰৰ আগত বাগিচা পাতি পৰিপাটিকৈ ৰোৱা ফুলৰ শোভাই মনত আনন্দ দিয়াৰ উপৰি পুৱাই ফুলৰ মাদকতা উপভোগ কৰিলে মনটো দিনটোৰ বাবে সজীৱ হৈ থাকে৷ সাধাৰণতে গ্ৰীষ্ম কালতকৈ শীতকালত ভিন্নৰঙী ফুলেৰে বাগিচা ভৰি পৰে৷ শীতকালতহে বিভিন্ন প্ৰজাতিৰ ফুল ফুলে৷ এই ভিন ভিন ৰঙৰ দলিচা পৰা ফুলবোৰ কেৱল সৌন্দৰ্যবৰ্ধনে নকৰে, আছে এইবোৰৰ ঔষধি গুণ৷ এইধৰণৰ বাগিচাত পোৱা ঔষধি গুণসমৃদ্ধ ফুলবোৰৰ ভিতৰত ডালিয়া ফুল অন্যতম৷ এই ফুলত লুকাই আছে কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰ নিৰাময়ৰ উপায়৷ স্থূলতা, ব্লাড প্ৰেছাৰ, কলেষ্টৰেল, কোষ্ঠকাঠিন্য তথা হাড়ৰ সমস্যাৰ বাবে ডালিয়া ফুল খুব উপকাৰী৷ এই কাৰণে বিশেষজ্ঞই এই ফুলক সঞ্জীৱনী ভেষজ উদ্ভিদতকৈ কম জ্ঞান নকৰে৷ আয়ুৰ্বেদিক বিশেষজ্ঞ ডাঃ প্ৰিয়ংকা সি বাদলে কৈছে যে এই ফুল বহুমুখী উদ্ভিদ৷ বিশেষকৈ কেঞ্চাৰৰ নিৰাময়ৰ বাবে বাবে খুব উপকাৰী ফুল৷ কেঞ্চাৰৰ উপৰি ডালিয়া ফুলে কলেষ্টৰেল, উচ্চ ৰক্তচাপ, স্থূলতা, কোষ্ঠকাঠিন্য আদি সমস্যাও ততালিকে সমাধান কৰিব পাৰে৷ ডালিয়া ফুলত ফাইবাৰ, নাইট্ৰিক এচিড তথা এনজাইমৰ দৰে বিভিন্ন উপকাৰী বৈশিষ্ট্য পোৱা যায়৷ আনহাতে এইবোৰৰ কোনোধৰণৰ পাৰ্শ্বক্ৰিয়া নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here