বিশ্বৰ উষ্ণতা বৃদ্ধিত হিমালয়ৰহিমবাহৰ বৰফ দ্ৰুতগতিত গলিছে

0
187


হিমালয়ৰ ভাৰতৰ অংশটোত ২৮০৪৩টা হিমবাহীয় হ্ৰদ আছে৷ হিমবাহৰ পৰা সৃষ্টি হোৱা এই হ্ৰদবোৰে সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ উপত্যাকাত যিকোনো সময়তে ব্যাপক ধবংসলীলাৰ সৃষ্টি কৰিব পাৰে৷ ভাৰত চৰকাৰে এই হিমবাহ তথা হ্ৰদবোৰৰ নক্সা প্ৰস্তুত কৰিছে৷ নেশ্যনেল ৰিমট ছেনছিং চেণ্টাৰে [এন আৰ এছ চি] নিজৰ কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে এই নক্সা প্ৰস্তুত কৰে৷ কেন্দ্ৰীয় চৰকাৰে এই হ্ৰদবোৰৰ ওপৰত অহৰহ দৃষ্টি ৰাখিছে৷ এই হিমবাহ তথা হ্ৰদবোৰে আটাইতকৈ বেছি দুৰ্যোগ মাতি অনাৰ সম্ভাৱনা আছে ব্ৰহ্মপুত্ৰ উপত্যকাত৷ কাশ্মীৰৰ পৰা অৰুণাচল প্ৰদেশলৈকে হিমালয়ৰ ভাৰতৰ অংশত ০.২৫ হেক্টৰ আকাৰৰ ২৮০৪৩টা হিমবাহৰ পৰা উৎপত্তি হোৱা হ্ৰদ আছে৷ কেন্দ্ৰীয় জল আয়োগে ৫০ হেক্টৰ বা তাতকৈ ডাঙৰ হ্ৰদবোৰ পৰ্যবেক্ষণ কৰি থাকে৷ এই হিমবাহ তথা হ্ৰদবোৰৰ পৰা গংগা, ব্ৰহ্মপুত্ৰ তথা সিন্ধু উপত্যকাৰ ভালেমান নদী প্ৰৱাহিত হৈছে৷ হিমালয়ৰ ভাৰতৰ অংশত থকা এই হ্ৰদবোৰ যিকোনো সময়তে ভাগি পৰাৰ আশংকা কৰা হৈছে৷ ইয়াৰ ফলত ইয়াৰ পৰা বৈ অহা নদীয়ে নামনি অংশত জলপ্ৰলয়ৰ সৃষ্টি কৰিব৷ কেন্দ্ৰীয় চৰকাৰে সম্ভাৱ্য বিপদৰ আশংকা কৰি কেইবাটাও স্থানত অট’মেটেড ৱেদাৰ ষ্টেছন স্থাপন কৰাৰ প্ৰস্তুতি চলাইছে, কিন্তু এই স্থানবোৰ অত্যন্ত দূৰ্গম তথা বিপজ্জনক আৰn সেয়েহে তালৈ মানুহ প্ৰেৰণ কৰাটো অতি শংকাজনক৷ বিজ্ঞানীসকলে এই হিমবাহ-হ্ৰদবোৰৰ ওপৰত কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে চকু ৰাখিছে৷ এই তিনিওখন নদীৰ অৱবাহিকা প্ৰায় ৯,৮৯,৭৮৪ বৰ্গ কিল’মিটাৰৰ আৰু ইয়াৰ উচ্চতা ৪৫ মিটাৰৰ পৰা ৮৮৪৮ মিটাৰ পৰ্যন্ত৷ ইয়াৰ ভিতৰত হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম, অৰুণাচল প্ৰদেশ আৰু উত্তৰ পূৰ্বঞ্চলৰ আন ৰাজ্যকেইখন, জম্মু আৰু কাশ্মীৰ তথা লডাখো আছে৷ এই সমগ্ৰ অঞ্চলটোত দহ প্ৰকাৰৰ হিমবাহীয় হ্ৰদ দেখা পোৱা গৈছে৷ কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি এই ২৮০৪৩টা হিমবাহীয় হ্ৰদত জমা পানী বিস্তৃত্ব হৈ থকা অঞ্চল হ’ব প্ৰায় ১.৩১ লাখ হেক্টৰকৈ অধিক৷ ইয়াৰে ২৩,১৬৭টা হ্ৰদৰ কালি ৫ হেক্টৰতকৈ কম৷ আন ৪৮৭৬টা হিমবাহ-হ্ৰদৰ কালি ৫ হেক্টৰতকৈ অধিক৷ হিমালয়ৰ ভাৰতৰ অংশত থকা ৫০ হেক্টৰ বা তাতকৈ অধিক কালিৰ হিমাবাহ-হ্ৰদৰ সংখ্যা হ’ল মাত্ৰ ২৯৯টা৷ আটাইতকৈ বেছি হিমাবাহীয় হ্ৰদ আছে ব্ৰহ্মপুত্ৰৰ অৱবাহিকাত আছে৷ ইয়াত থকা এনে ধৰণৰ হ্ৰদ মুঠ হ্ৰদৰ প্ৰায় ৬৪.১৯%৷ সিন্ধু উপত্যাকাত ১৯.০২%আৰু গংগা উপত্যাকাত ১৬.৭৮% হ্ৰদ আছে৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে আটাইতকৈ বেছি বিপদৰ শংকা বহন কৰিছে ইয়াত থকা ৫০ হেক্টৰতকৈ অধিক ডাঙৰ ২০৭টা হিমবাহৰ পৰা উৎপত্তি হোৱা হ্ৰদ আছে৷ ভাৰতৰ একেবাৰে সীমাতে থকা হিমবাহৰ পৰা উৎপত্তি হোৱা হ্ৰদৰ সংখ্যা হ’ল ৭,৫৭০টা৷ বাকীবোৰ আন দেশৰ সীমাত আছে৷ কিন্তু এই হিমবাহ তথা হিমবাহৰ পৰা উৎপত্তি হোৱা হ্ৰদবোৰে যিকোনো সময়তে মহা জল প্ৰলয়ৰ সৃষ্টি কৰিব পাৰে৷ ইমান উচ্চতাত থকা কোনো হ্ৰদৰ পাৰ ভাগিলে পানী ঢল ভাঙি নামি আহিব আৰু ইয়াৰ ফলত নদীত আকস্মিক বানৰ সৃষ্টি হ’ব৷ উল্লেখ্য যে বিশ্বৰ উষ্ণতা বৃদ্ধি পোৱাৰ ফলত হিমালয়ৰ হিমবাহসমুহত জমা হৈ থকা বৰফ দ্ৰুত গতিত গলিবলৈ ধৰিছে৷ ইয়াৰ ফলত এই হ্ৰদৰোৰ সৃষ্টি হৈছে৷ অধিক হাৰত বৰফ গলিলে এই হ্ৰদবোৰত পানীৰ চাপ বৃদ্ধি পাব পাৰে আৰু তেতিয়াই ভয়ংকৰ দুৰ্যোগৰ সৃষ্টি হ’ব বুলি আশংকা কৰা হৈছে৷ হিমবাহীয় হ্ৰদৰ পৰা হোৱা বানৰ হাৰো বিগত কেই বছৰমানত বৃদ্ধি পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here