এইবিধ ফলৰ পাতৰ গুণজানিলে আচৰিত হ’ব

0
160

আয়ুৰ্বেদত বিভিন্ন ধৰণৰ গছ অথবা গছৰ নানা অংশ যেনে কাণ্ড, ডাল, পাত, শিপা আদিৰ গুৰুত্ব অপৰিসীম৷ সেইবাবে আয়ুৰ্বেদিক ভেষজৰ কথা ক’লে প্ৰথমেই মনলৈ আহে তুলসী, আমলখি, শিলিখা, এলোভেৰা আদি৷ ইয়াৰ বাহিৰেও কিন্তু এনে কিছুমান গছৰ পাত আছে, যিবোৰ পাতে বিভিন্ন ৰোগৰ চিকিৎসাত ঔষধ প্ৰস্তুতত কৰাত ব্যৱহাৰ কৰা হয়৷ আনহাতে এনে এবিধ উদ্ভিদ হ’ল মধুৰিআম৷ যাৰ ফল সকলোৱে ভাল পায় আৰু অতি সুস্বাদু বাবে চাহিদা আছে৷ কিন্তু মধুৰিআমৰ ফটোৰ যিদৰে গুণাগুণ তথা উপকাৰিতা আছে, একেদৰে ইয়াৰ পাতৰো আছে বিভিন্ন গুণ, যি কথা জানিলে হয়তো আপুনি বিচ্ছুতি খাব ইয়াৰ পাতক ইমানদিনে অৱহেলা কৰাৰ বাবে৷ বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে মধু¸ৰিআমৰ পাত ব্যৱহাৰ কৰিব পাৰি৷ মধুৰিআমৰ পাত আমাৰ শৰীৰৰ কাৰণে সাংঘাতিক উপকাৰী৷ ইয়াৰ পাতৰ বিভিন্ন ঔষধি গুণ পোৱা যায়, যিয়ে শৰীৰৰ কলেষ্টৰেলৰ মাত্ৰা স্বাভাৱিক কৰি ৰাখে৷ শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ ইয়াৰ পাত যথেষ্ট কাৰ্যকৰী৷ চিকিৎসা বিশেষজ্ঞই জনোৱা মতে মধুৰিআমৰ পাতত প্ৰচুৰ পৰিমাণে ভিটামিন-চি আৰু ভিটামিন-বি পোৱা যায়৷ এইবোৰ উপাদানে শৰীৰৰ বিভিন্ন সমস্যা যেনে, ছাল, চুলি পেট আদিৰ নিৰাময় তথা নিঃশেষ কৰিব পাৰে৷ মধুৰিআমৰ পাত খালী পেটৰ চোবাই খালে শৰীৰৰ মেদ বা চৰ্বি কমাত সহায় কৰে৷ যাৰ ফলত ওজন নিয়ন্ত্ৰণত থকাত অৰিহণা যোগায়৷ ইয়াৰ পাতৰ ৰস উলিয়াই সেৱন কৰিলে শ্বাসকষ্টৰ পৰা মুক্ত হ’ব পাৰি৷ আনহাতে মধুৰিআমৰ পাতৰ ৰস উলিয়াই মুখত লগালে পিগমেণ্টেশ্যনৰ সমস্যা নোহোৱা হয়৷ সাধাৰণ জ্বৰ, কাহ হ’লে ইয়াৰ পাতৰ ৰস সেৱন কৰিলে সহজে সুফল পোৱা যায়৷ চিকিৎসকৰ মতে মধুৰিআমৰ পাতৰ ৰসে ছুগাৰ নিয়ন্ত্ৰণতো সহায় কৰে৷ মুখৰ ক’লা দাগ, ব্ৰুন আদিৰ সমস্যাত ভুগিলে ইয়াৰ পাতৰ ৰস লগালে সোনকালে সুফল পাব৷ ইয়াৰ পাতত এণ্টিছেপটিক গুণ আছে, যিয়ে ব্ৰুন সৃষ্টিকাৰী বেক্টেৰিয়া ধবংস কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here