পালেং শাকে দেহক সতেজকৰি ৰখাত সহায় কৰে

0
256


সেউজীয়া শাক-পাচলিৰ নাম ল’লেই সকলোৰে আগত স্থান পায় পালেং শাকে৷ পালেং শাকৰ বিভিন্ন সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰা হয়৷ পালেং শাকত প্ৰচুৰ মাত্ৰাত থকা পুষ্টিকৰ দ্ৰব্যসমূহে শৰীৰক শক্তিৰো যোগান ধৰে৷ ইয়াৰ লগতে ভালেমান সমস্যাৰ পৰা শৰীৰক মুক্ত কৰি ৰখাতো সহায় কৰে৷ শ্বেত ৰক্ত কণিকা বৃদ্ধিত সহায় কৰা পালেং শাক হাড়ৰ পৰা চকুলৈকে দেহৰ প্ৰতিটো অংগৰ বাবে উপকাৰী বুলি কোৱা হয়৷ পালেং শাকত থকা নাইট্ৰেটে শৰীৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে৷ ই ৰক্তচাপ নিয়মীয়া কৰি ৰখাত সহায় কৰাৰ লগতে হৃৎপিণ্ডৰ ৰোগৰ আশংকা হ্ৰাস কৰে৷ নেশ্যনেল ইনষ্টিটিউট অব্‌ হেল্‌থে [এন আই এইচ] চলোৱা এটা অধ্যয়নৰ পৰা জানিব পৰা মতে, নিয়মীয়াকৈ পালেং শাক খালে ৰক্ত চাপ নিয়মীয়া হয়৷ হৃৎপিণ্ড সবল কৰি ৰখাতো ই সহায় কৰে৷ ভিটামিন এ আৰু চি প্ৰচুৰ মাত্ৰাত থকা পালেং শাক চকুৰ কাৰণেও ভাল৷ এন আই এইচে চলোৱা অধ্যয়নটোৰ পৰা আৰু জানিব পৰা মতে, পালেং শাক নিয়মীয়াকৈ খালে চকুৰ মাস্কুলাৰ ডিজেৰেশ্যনৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷ পালেং শাকত জেক্সান্থিন আৰু লিউটিন নামৰ কেৰ’টিনয়ড থাকে৷ ই চকুক সূৰ্যৰ ৰশ্মিৰ পৰা বচোৱাত সহায় কৰে৷ পালেং শাকে মেদ কমোৱাতো সহায় কৰে৷ পালেং শাক আঁহযুক্ত আৰু ইয়াত প্ৰচুৰ মাত্ৰাত পানী থাকে৷ পালেং শাক খালে ভোক হ্ৰাস পায়৷ ইয়াৰ লগতে পাচনতন্ত্ৰক শক্তিশালী কৰাত সহায় কৰে৷ ইয়াত বিভিন্ন ধৰণৰ খাদ্যপ্ৰাণ, খনিজ আৰু আইৰন থাকে৷ শৰীৰত অক্সিডেটিভ ষ্ট্ৰেচ বৃদ্ধি পোৱাৰ ফলত ফ্ৰিৰেডিকেল্‌ছ বৃদ্ধি পায়৷ ই বয়স বৃদ্ধিত সহায় কৰে৷ ইয়াৰ প্ৰভাৱ ছালৰ লগতে শৰীৰত দেখা পোৱা যায় আৰু কেঞ্চাৰ তথা বহুমূত্ৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়৷ এনে অৱস্থাত প্ৰচুৰ মাত্ৰাত এণ্টি-অক্সিডেণ্ট থকা পালেং শাক খালে অক্সিডেটিভ ষ্ট্ৰেচ হ্ৰাস কৰিব পাৰি আৰু শৰীৰক সতেজ কৰি ৰাখে৷ ই হাড় শক্তিশালী কৰাতো সহায় কৰে৷ পালেং শাকত ফলিক এচিড, মেগনেছিয়াম আৰু পটাছিয়ামো পোৱা যায়৷ সেয়েহে পালেং শাকে শৰীৰত হিম’গ্লবিন নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে আৰু এনিমিয়াৰ সমস্যাৰ পৰা আঁতৰত ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here