ৰান্ধনী ঘৰৰ বাচন-বৰ্তনপৰিষ্কাৰ কৰি ৰখাৰ সহজ উপায়

0
306


ৰান্ধনী ঘৰত বিভিন্ন আকাৰ তথা প্ৰকাৰৰ বটল, বৈয়াম আগি ৰখাৰ প্ৰয়োজন হয়৷ কাৰণ সেইবোৰত চেনি, নিমখ, তেল, চাউল, দাইল, আটা, নানাপ্ৰকাৰৰ মছলাৰে ধৰি আমাৰ দৈনন্দিন ৰন্ধনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবোৰ ৰখা হয়৷ ৰন্ধনৰ সময়ত সেই সামগ্ৰীবোৰত তেলৰ ছিটিকনি পৰি পিছল তথা আঠাজাতীয় লেতেৰা হৈ পৰে৷ ইয়াৰ ফলত বিভিন্ন সময়ত এই বাচনবোৰ হাতৰ পৰা সুলকি হৈ ভাঙিও যোৱা দেখিবলৈ পাওঁ৷ আনহাতে পাকঘৰত থকা হেতু ইয়াত কেৰাহীৰ পৰা তেলৰ ছিটিকা পৰি পাছত পৰিষ্কাৰ কৰাই কঠিন হৈ পৰে৷ সেইবাবে এই পদ্ধতি অৱলম্বন কৰিলে সহজেই বাচন বৰ্তনবোৰ পৰিষ্কাৰ কৰিব পৰা যায়৷ জানো আহক বটল, বৈয়াম আদিৰ তেলেতীয়া ভাব নোহোৱা কৰি পৰিষ্কাৰ কৰি ৰাখিবলৈ কি এই সহজ উপায়৷
এটা বাল্টিত অলপ গমৰ পানী ল’ব৷ এতিয়া ইয়াত দুই চামুচ ৱাশ্বি পাউডাৰ দিব৷ তাৰ পাছত হোৱাইট ভিনেগাৰ, নেমুৰ ৰস আৰু এচামুচ ব্ৰেকিং ছ’ডা মিহলাই লওক৷ বৈয়াম তথা বটলৰ বাহিৰৰ অংশ টিছু পেপাৰেৰে ভালদৰে মচি লৈ পাছত ১৫ মিনিটমান এই পানীখিনিত তিয়াই ৰাখক৷ ইয়াৰ পাছত পানীৰে ভালকৈ ধুই শুকাবলৈ দিব৷ শুকোৱাৰ পাছত দেখিব বটলৰ তৈলাক্ত ভাব নোহোৱা হৈ গৈছে৷ টিছু পেপাৰ ব্যৱহাৰ কৰিলে তেলৰ ছিটিকনিৰ দাগ সহজে দূৰ হয়৷ সেইবাবে এখন পৰিষ্কাৰ টিছু পেপাৰ বা কিচ্ছেন টাৱেল পাকঘৰত ৰখাটো জৰুৰী৷ ইয়াৰ সহায়ত বটল বা বৈয়ামৰ ঢাকোন ভিতৰ বা বাহিৰ ভাগ ভালকৈ মচি দিব পাৰে৷ যাৰ ফলত বটলটো সহজে পৰিষ্কাৰ হৈ উঠে৷ ভিনেগাৰ আৰু নেমু মিশ্ৰিত পানীৰ বহুতো গুণ আছে৷ এই পানীখিনি ভিতৰখন লেতেৰা বটলৰ ভৰাই দি আধা ঘণ্টামান ৰাখিব৷ তাৰ পাছত ভালকৈ ভিতৰখন ঘঁহি দি পাছত পৰিষ্কাৰ পানীৰে ধুই দিয়ে ভিতৰখনৰ বেয়া গোন্ধ নোহোৱা হৈ পৰিষ্কাৰ হ’ব৷ গৰম পানীৰ সৈতে বাচন পৰিষ্কাৰ কৰা লিকুইড চাবোন মিহলাই লৈ বটল বা বৈয়ামৰ ভিতৰ বা বাহিৰত দিব৷ পাছত ব্ৰাছৰ সহায়ত বটলৰ ভিতৰৰ ভাগ লৰাই দিব৷ দেখিব ভিতৰত থকা ময়লাবোৰ ওলাই আহি বটলটো পৰিষ্কাৰ হৈ পৰিছে৷ পাছত পানীৰে ভালদৰে ধুই কিছু সময় শুকাবলৈ দিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here