বৃহস্পতিৰ উপগ্ৰহত লুণীয়াপানীৰ মহাসাগৰৰ সম্ভাৱনা

0
412


ইতিমধ্যে অধ্যয়নৰ জৰিয়তে বিজ্ঞানীসকলে মহাকাশৰ গ্ৰহ-উপগ্ৰহৰ বিভিন্ন তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ সমান্তৰালভাৱে বিজ্ঞানীয়ে এইবোৰৰ পৰা আৰু অধিক তথ্য লাভৰ বাবে নিৰন্তৰ চেষ্টা কৰি আছে৷ কেইদিনমন আগতে বিজ্ঞানীয়ে বৃহস্পতিৰ উপগ্ৰহ ইউৰোপাত জীৱ অনুকূল পৰিৱেশ আছে, অৰ্থাৎ এই উপগ্ৰহটোত জীৱ থাকিব পাৰে বুলি ধাৰণা কৰিছিল আৰু এই বিষয়ত অধিক তথ্য লাক্ষ কৰাৰ বাবে বিজ্ঞানীয়ে চেষ্টা চলাই আছে৷ আনহাতে শেহতীয়াভাৱে আন এক খবৰে পুনৰবাৰ বিজ্ঞানী মহলক উৎসাহী কৰিছে৷ মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ বিজ্ঞানীয়ে সম্ভাৱনা ব্যক্ত কৰিছে যে বৃহস্পতিৰ উপগ্ৰহ ইউৰোপাৰ পৃষ্ঠৰ ভিতৰত লুণীয়া পানীক মহাসাগৰ আছে৷ এই লুণীয়া পানীৰ মহাসাগৰৰ থকা জলভাণ্ডাৰৰ পৰিমাণ পৃথিৱীৰ তুলনাত দুগুণ হ’ব৷ নাছাৰ জুনো নামৰ মহাকাশ যানখনে বৃহস্পতি গ্ৰহৰ পৰিৱেশ অধ্যয়ন কৰি এই সম্ভাৱনাৰ বিষয়ে সদৰী কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here