আপোনাৰ চকুৰ গুৰি ক’লা পৰিছে নেকি?

0
2657

মুখমণ্ডলৰ সৌন্দৰ্যতাৰ মূলতে হৈছে চকু৷ এজন ব্যক্তিৰ উজ্জ্বল, ধুনীয়া চকুযুৰিয়ে সহজতে আনক আকৰ্ষণ কৰাৰ লগতে চকুযুৰিত মানুহজনৰ ব্যক্তিত্বও ফুটি উঠে৷ কিন্তু এই ধুনীয়া চকুযুৰিত যদি ক’লা দাগ পৰে, তেন্তে সৌন্দৰ্যত আঘাত লগাৰ লেখীয়া হয়৷ চকুৰ গুৰিত ক’লা দাগ পৰাৰ কেইবাটাও কাৰণ আছে৷ টোপনি খতি কৰা, বহুসময় ধৰি কম্পিউটাৰ বা ম’বাইল ব্যৱহাৰ কৰা, ৰক্তহীনতা বা লিভাৰৰ সমস্যা, কম পৰিমাণে পানী খোৱা, অত্যধিক চিগাৰেট, মদ্যপান সেৱনৰ ফলত চকুৰ গুৰি ক’লা পৰিব পাৰে৷ চকুৰ গুৰিত পৰা দাগ নাইকিয়া কৰিবলৈ তলত উল্লেখ কৰা বিধানবোৰ পালন কৰক–

(১) আলু এটা পিচি তাৰ ৰস কপাহেৰে চকুৰ গুৰিত লগাওক৷ শুকোৱাৰ পাছত পৰিষ্কাৰ পানীৰে ধুই দিয়ক৷
(২) তিয়ঁহৰ ৰস ফ্ৰীজত থৈ কপাহেৰে চকুৰ গুৰিত লগালে দাগ নাইকিয়া হয়৷
(৩) টী বেগ পানীত তিয়াই কোমল কৰি ফ্ৰীজত ভৰাই ঠাণ্ডা কৰি লওক৷ দহ মিনিট সময় চকুৰ পতাত ৰাখিব লাগে৷ এনেদৰে কৰিলে দাগ নোহোৱা হয়৷
(৪) বিলাহীৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই চকুৰ ক’লা পৰা দাগত লগালে সুফল পোৱা যায়৷
(৫) নিশা শোৱাৰ আগতে আলমণ্ড অইলেৰে চকুৰ গুৰিৰ দুয়োকাষে লাহে লাহে মালিচ কৰিব লাগে৷
(৬) তিয়ঁহ পাতল পাতলকৈ চকলিয়াই চকুৰ গুৰিত লগালে ক’লা দাগ নাইকিয়া হয়৷
(৭) চালকুঁৱৰী লগালেও সুফল পোৱা যায়৷
(৮) গোলাপ জলত গাখীৰ মিহলাই ফ্ৰীজত ঠাণ্ডা হ’বলৈ দি কপাহেৰে চকুৰ গুৰিত লগালে আৰোগ্য লাভ কৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here