জ্যোতিৰ্বিদসকলে গভীৰ মহাকাশত এক দুৰ্লভ আৱিষ্কাৰ কৰিছে৷ পৃথিৱীৰ পৰা প্ৰায় ১০৪ আলোক বৰ্ষ দূৰৈত থকা এটা বামন নক্ষত্ৰ আৱিষ্কাৰ কৰিছে৷ এই নক্ষত্ৰটো মূলতঃ কাৰ্বন আৰু মেটেলিক অক্সিজেনেৰে গঠিত৷ বগা বামন নক্ষত্ৰটো শীতল হ’বলৈ লোৱাৰ লগে লগে মহাজাগতিক হীৰালৈ ৰূপান্তৰ হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ উল্লেখ্য যে এটা নক্ষত্ৰই নিজৰ শক্তি হেৰুৱাই ক্ৰমাৎ অন্তৰ দিশে আগবাঢ়ে তেতিয়া ই বগা বামন নক্ষত্ৰলৈ পৰিণত হয়৷ এই বামন নক্ষত্ৰৰ উপৰিভাগ যথেষ্ট উত্তপ্ত হয়৷ ইয়াৰে কিছুমান নক্ষত্ৰ ক্ৰমাৎ কঠিন হ’বলৈ ধৰে আৰু স্ফটিকত পৰিণত হয়৷ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা বামন নক্ষত্ৰটোৰ কেন্দ্ৰভাগ হীৰালৈ ৰূপান্তৰ হৈছে৷ বিজ্ঞানীসকলৰ মতে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন মাত্ৰ ১৩৮০ কোটি পুৰণি আৰু সেয়েহে সম্পূৰ্ণৰূপে স্ফটিকত পৰিণত হোৱা নক্ষত্ৰ দেখিবলৈ পোৱাতো সম্ভৱ নহয়, কিন্তু এই বামন নক্ষত্ৰটোৰ কেন্দ্ৰভাগ স্ফটিকত পৰিণত হোৱাৰ ইংগিত পোৱা গৈছে৷ ইউৰোপিয়ান মহাকাশ সংস্থাৰ গাইয়া দূৰবীণে এই নক্ষত্ৰটো আৱিষ্কাৰ কৰিছিল৷ জ্যোতিৰ্বিদসকলে গাইয়া দূৰবীণৰ সহায়ত এইচ ডি ১৯০৪১২ নামৰ তিনিটা নক্ষত্ৰৰ এক প্ৰণালী আৱিষ্কাৰ কৰিছিল৷ ইয়াৰ ভিতৰত এই বামন নক্ষত্ৰটোও আছে আৰু ইয়াৰ বয়স প্ৰায় ৪২০ কোটি বছৰ হ’ব বুলি অনুমান কৰিছে৷