উদ্বেগজনক তথ্য : বিশ্বত বৃদ্ধি পাইছে ক্ষুধাতুৰৰ সংখ্যা

0
332


সমগ্ৰ বিশ্বতে ভয়াৱহভাৱে ক্ষুধাতুৰ লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ বিভিন্ন ৰাষ্ট্ৰৰ চৰকাৰ-প্ৰশাসনে যিমানেই ঢাক-ঢোল নবজাওক কিয়, অনাহাৰে জীৱন কটোৱা লোকৰ সংখ্যা যে দ্ৰুতভাৱে বৃদ্ধি পাইছে শেহতীয়াভাৱে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা চমুকৈ ফাওৰ এক প্ৰতিবেদনে সেই কথা পোহৰলৈ আনিছে৷ ৰাষ্ট্ৰসংঘৰ সংস্থাটোৰ মতে সমগ্ৰ বিশ্বৰ ৮০ কোটি লোকে অনাহাৰে নিশা কটাবলগীয়া হৈছে৷ অৰ্থাৎ বিশ্বত ৮০ কোটি লোকে খাদ্য অবিহনে নিশা যাপন কৰিবলগীয়া হৈছে৷ ইয়াতকৈ চাঞ্চল্যকৰ তথা উদ্বেগৰ বিষয় আৰু কি থাকিব পাৰে৷ যি সময়ত এই বিশ্বতে বিলিয়নাৰ, ত্ৰিলিয়নাৰৰ সংখ্যাৰে ঠাই ভৰি পৰিছে, সেই একেখিনিৰে কিছুসংখ্যক লোকে এনেদৰে নাখায়-নবৈ অনাহাৰে জীৱন নিয়াবলগীয়া হৈছে৷ তাতকৈ দুখৰ ঘটনা কিবা হ’ব পাৰে জানো৷ প্ৰতিবেদনখনৰ উল্লেখ কৰা মতে বিশ্বৰ মুঠ জনসংখ্যাৰ ১০ শতাংশ লোকেই কম খাদ্য পোৱাৰ পৰা বঞ্চিত হৈ আছে৷ আনহতে ফাওৰ তথ্য মতে পূৰ্বৰ বছৰৰ তুলনাত চলিত বৰ্ষত ক্ষুধাতুৰ লোকৰ সংখ্যা চাৰি কোটি ষাঠি লাখ লোকলৈ বৃদ্ধি পাইছে৷ এই ক্ষুধাতুৰ লোকৰ ভিতৰত দুই তৃতীয়াংশই হৈছে মহিলা৷ ইয়াৰ লগতে এই লোকসকলৰ ভিতৰত ৮০ শতাংশই জলবায়ু পৰিৱৰ্তনপ্ৰৱণ অঞ্চলত বাস কৰে৷ উল্লেখ্য যে সমগ্ৰ বিশ্বত ২০১৯-২০২১ চনলৈ অপুষ্টিত ভোগা লোকৰ সংখ্যা ১৫ কোটিলৈ বৃদ্ধি পাইছে৷ আনহাতে কম সময়ৰ ভিতৰত প্ৰয়োজনীয় খাদ্য সমাগ্ৰীৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ যাৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ কোটি কোটি লোকে কম উপাৰ্জনেৰে প্ৰয়োজনীয় খাদ্য সংগ্ৰহত কৰাটো কঠিন হৈ পৰিছে৷ ইয়াৰেই ফল হৈছে বিশ্বত ক্ষুধাতুৰ লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধিৰ অন্যতম কাৰণ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here