আধুনিক বিশ্বত মানুহৰ জীৱনশৈলীৰ পৰিৱৰ্তন তথা খাদ্যাভ্যাসৰ বাবে হৃদৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ মাৰাত্মক ঘাতকৰূপে দেখা দিয়া এই হৃদৰোগে সমগ্ৰ বিশ্বত বছৰি কেইবা হাজাৰ লোকৰ প্ৰাণ কাঢ়িছে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সমগ্ৰ বিশ্বত তৎপৰতা লোৱা পৰিলক্ষিত হ’লেও আক্ৰান্তৰ সংখ্যা কমাবলৈ সক্ষম নোহোৱা পৰিলক্ষিত হৈছে৷ বিভিন্ন অধ্যয়ন তথা গৱেষণাৰ জৰিয়তে ইয়াৰ পৰা ৰক্ষা পৰাৰ চেষ্টা চলাই আছে৷ শেহতীয়াভাৱে হৃদৰোগ নিৰ্মূলৰ নানা উপায় তথা ইয়াক ৰোধৰ পৰিকল্পনা কৰাৰ সময়তে অসমবাসীলৈ এটা সুখবৰ আহিছে৷ কেন্দ্ৰীয় বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ আই এ এছ এছ টিৰ বিজ্ঞানীৰ প্ৰতিষ্ঠান, ইনষ্টিটিউট অব এডভান্সড ষ্টাডী ইন ছায়েন্স এণ্ড টেকন’লজিৰ বিজ্ঞানীৰ দলে নিৰলস প্ৰচেষ্টাৰ পাছত অসমৰ বৰথেকেৰা হৃদৰোগ প্ৰতিৰোধ কৰাৰ সম্ভাৱনা উদ্ভাৱন কৰে৷ অসমত প্ৰচুৰ পৰিমাণে পোৱা অই বৰথেকেৰাৰ বৈজ্ঞানিক নাম হৈছে গাৰ্চিনিয়া পেডুনকুলাটা৷ গৱেষকৰ দলৰ এই সাফল্যৰ পাছত পি আই বিৰ এক বিজ্ঞপ্তিৰ জৰিয়তে এই কথা আনুষ্ঠানিকভাৱে সদৰী কৰা হৈছে৷ বিজ্ঞানীৰ দলটোৱে জানিবলৈ দিয়া মতে কেঁচা অৱস্থাত নোখোৱা এই উদ্ভিদবিধৰ ফলটো পকা অৱস্থাত খালে হৃদৰোগৰ হাইপাৰট্ৰফী সূচক আৰু অক্সিডেটিভ চাপ হ্ৰাস পায়৷ ইয়াৰ লগতে বৰথেকেৰাই হৃদযন্ত্ৰৰ প্ৰদাহো বহু পৰিমাণে হ্ৰাস কৰে৷ গৱেষণাত বৰথেকেৰাত প্ৰধানকৈ এণ্টিইনফ্ৰেমেটৰি, এণ্টেলনিল্টিক, বেক্টেৰিয়া, ভেঁকুৰ প্ৰতিৰোধ, বহুমূত্ৰ ৰোগ প্ৰতিৰোধ, হাইপ’লিপিডেমিক, নেফ্ৰ’প্ৰটেক্টিভ আৰু নিউৰ’প্ৰটিক্টিভ ক্ষমতাসম্পন্ন থেৰাপিউটিক গুণাগুণ আছে বুলিও সদৰী কৰিছে৷ এই সুখবৰে এতিয়া অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বৰথেৰেৰাৰ চাহিদা যথেষ্ট পৰিমাণে বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে৷