দাঁত আমাৰ শৰীৰৰ এটা অবিচ্ছেদ্য অংগ৷ দাঁতে আমাৰ সৌন্দৰ্যবৰ্ধনত মুখ্য ভূমিকা লয়৷ ডালিমগুটীয়া বগা দাঁতে সহজতে আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ প্ৰধান কাম হ’ল খাদ্য চোবাই গুৰি কৰা৷ ইয়াৰ লগতে কথা কওঁতে উচ্ছাৰণ স্পষ্টকৈ প্ৰকাশ কৰাত দাঁতে সহায় কৰে৷ সেয়েহে আমি দাঁতৰ যত্ন ল’ব লাগে৷ কিন্তু ব্যাপকভাৱে দেখা এটা সমস্যা হৈছে দাঁত পোকে খোৱা৷ যিহেতু সকলো খাদ্যবস্তু আমি দাঁতেৰে চোবাই খাওঁ৷ ফলত দাঁত আৰু দাঁতৰ গুৰি অপৰিষ্কাৰ হোৱাৰ কাৰণে এই ৰোগে দেখা দিয়ে৷ দাঁত পোকে খালে দাঁতৰ গুৰিত অত্যন্ত বিষ হয়৷ ইয়াৰ ফলত দাঁতৰ গুৰি উখহি পৰাৰ উপৰিও গাল ওফন্দি পৰে৷ খোৱা-বোৱাত অসুবিধা হয়৷ দাঁত পোকে খোৱাৰ পৰা পৰিত্ৰাণ পাবলৈ হিং তপতাই দাঁতত কিছুসময় লগালে দাঁতৰ পোক সহজে মৰে৷ কেঁচা হালধি জুইত পুৰি দাঁত মাজিলে বা দাঁতত প্ৰলেপ দি থ’লে দাঁতৰ পোক সহজে মৰে৷ দুই-তিনিটা লং পিহি দাঁত পোকে খোৱা ঠাইত লগালে যথেষ্ট আৰাম পোৱা যায়৷ সিজু গছৰ শিপা খুন্দি দাঁতত লগালে দাঁত পোকে খোৱাৰ পৰা উপশম পোৱা যায়৷ মধুৰিআমৰ কুমলীয়া পাত উতলাই কুলুকুলু কৰিলেও দাঁতৰ বিষৰ পৰা আৰাম পাব পাৰি৷ নিমখ পানীৰে মুখ কুলুকুলু কৰিলেও দাঁত বেক্টেৰিয়ামুক্ত হোৱাৰ লগতে বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়৷ নিমপাত চোবাই পাছত পানীৰে ধুই দিলেও দাঁতৰ পোকে খোৱা কমে৷ দাঁতৰ পোকে খালে মিঠা বস্তু পাৰ্যমানে খাব নালাগে, বেছি গৰম বস্তু খোৱাটোও উচিত নহয়৷ এনেধৰণৰ বিধানসমূহৰ দ্বাৰা দাঁত পোকে খোৱাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷