পৃথিৱীৰ জলবায়ু পৰিৱৰ্তনে ভয়াৱহ দিশে গতি লোৱাৰ দিশত আগবাঢ়িছে৷ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীৰ এটা দলে চলোৱা এক অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ এই ভয়াৱহ তথ্য লাভ কৰাৰ পাছত বিজ্ঞানীসকলে গভীৰভাৱে উদ্বিগ্ন ৰৈ পৰিছে৷ অধ্যয়নটোৰ প্ৰতিবদনত উল্লেখ কৰা মতে জলবায়ু পৰিৱৰ্তনৰ সংকেত দিয়া বিপজ্জনক চক্ৰৰ বাবে এতিয়া পৃথিৱীৰ জলবায়ুৰ স্থায়ীভাৱে পৰিৱৰ্তনৰ দিশত আগবাঢ়িছে৷ ৱান আৰ্থ জাৰ্নেলত প্ৰকাশিত এই প্ৰতিবেদন উল্লেখ কৰা অনুসৰি বৰ্তমান পৃথিৱীত ৪১ টা জলবায়ু পুনৰাবৃত্তি ঘটা চক্ৰ আছে৷ ইয়াৰে ২৭টা পুনৰাবৃত্তি চক্ৰ বিশ্বৰ জলবাযু পৰিৱৰ্তনৰ বাবে দায়ী৷ বিজ্ঞানীসকলে কৰা অধ্যয়নটোৰ সময়ত জলবায়ু পৰিৱৰ্তনৰ পুনৰাবৃত্তি ঘটা চক্ৰবোৰৰ বিষয়ে জানিব পাৰি আচৰিত হৈ পৰে৷ জলবায়ু পৰিৱৰ্তনৰ পুনৰাবৃত্তি ঘটা চক্ৰ এক চক্ৰীয় শৃংখলাৰ প্ৰক্ৰিয়া৷ এই প্ৰক্ৰিয়াৰ সৃষ্টি হয়, যেতিয়া এটা পৰিৱৰ্তনৰ পৰা আন এটা পৰিৱৰ্তন হোৱাত সহায় কৰে আৰু নতুন পৰিৱৰ্তনক নিজৰ শৃংখলাৰ দ্বাৰা পুনৰাবৃত্তি ঘটায়৷ ইয়াৰ একাংশই ভূপৃষ্ঠৰ তাপমাত্ৰা হ্ৰাস কৰাত সহায় কৰে যদিও বাকীবোৰে তাপমান বৃদ্ধিত সহায় কৰে৷ জাৰ্মানীৰ অৰেগন ষ্টেট ইউনিভাৰছিটি আৰু পটছডেম ইনষ্টিটিউট ফৰ ক্লাইমেট ইনপেক্ট ৰিছাৰ্চসহ কেইবাটাও প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ দলে ৪১টা পুনৰাবত্তি ঘটা চক্ৰ চিনাক্ত কৰে৷ ইয়াৰ ভিতৰত ২৭টায়ে বিশ্বৰ তাপমান বৃদ্ধিত অৰিহণা যোগায়৷ অধ্যয়নটো মতে জলবায়ু শৃংখলা প্ৰক্ৰিয়াই পৰোক্ষভাৱে পৰস্পৰক প্ৰভাৱিত কৰিব পাৰে আৰু পৰস্পৰৰ পৰিৱৰ্তন ঘটা এক জটিল জাল বা প্ৰক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে৷ এই জালে বিশ্বৰ জলবায়ুৰ সংকট অধিক গভীৰ কৰাৰ সম্ভাৱনা আছে৷ আনহাতে বিশ্বৰ উষ্ণতা বৃদ্ধি আৰু প্ৰদূষণৰ ফলত উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত থকা বৰফৰ তৰপ গলিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ লগতে পৃথিৱীৰ শুষ্ক আৰু অধিক গৰমৰ দৰে বাতাৱৰণৰ সৃষ্টি কৰিব৷