বায়ু প্ৰদূষণ ৰোধৰ চেষ্টাৰাজপথত ছটিয়াব পানী

0
1404

অসমত বায়ু প্ৰদূষণৰ মাত্ৰা ভয়াৱহ গতিত বৃদ্ধি পাইছে৷ ফাগুনৰ শুষ্ক ধূলিয়ৰি বতাহ তথা কেইবামাহো ধৰি ৰাজ্যত বৰষুণ নোহোৱাৰ ফলত চাৰিওফালে কেৱল ধূলিময় পৰিৱেশে বিৰাজ কৰিছে৷ ৰাজ্যৰ অইন অঞ্চলৰ লগতে খোদ ৰাজধানী মহানগৰ গুৱাহাটীৰ পৰিৱেশে বেয়াৰ ফালে গতি কৰিছে৷ মাহ মাহ ধৰি অনাবৃষ্টিৰ ফলত বাট-পথ, ৰাস্তা-ঘাট চাৰি দিশে ধূলিৰ খেলা৷ সেয়েহে গুৱহাটীত বায়ু প্ৰদূষণৰ মাত্ৰা ঊধবৰ্গতিত বৃদ্ধি পাইছে৷ ইয়াৰ বায়ুৰ গুণগত সূচাংকৰ মান বিপদসীমাৰ সীমা অতিক্ৰম কৰিছে৷ এইদৰে দ্ৰুতগতিত বায়ু প্ৰদূষণৰ মান বৃদ্ধি হোৱাৰ শংকিত হৈ পৰিছে ইয়াৰ বাসিন্দাসকলে৷ আনহাতে মহানগৰীত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় বন মন্ত্ৰ্যালয়ৰ সহযোগত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে চেষ্টা চলাই থকাৰ লগতে ৰাজ্য চৰকাৰৰক বিহিন ব্যৱস্থা গ্ৰহণৰ বাবে আহবান জনাইছে৷ আনহাতে মগানগৰীৰ বাসিন্দাৰ দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী পৌৰ নিগমে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে অন্যান্য বিভাগৰ সৈতে মিলি কাম কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিছে৷ ইয়াৰ অংশ হিচাপে গুৱাহাটীত বায়ু প্ৰদূষণ ৰোধৰ বাবে আঠখন গাড়ীৰে ৰাজপথত পানী ছটিয়াই থকা হৈছে৷ মহানগৰীৰ বাট-পথৰ ধূলিকণা সম্পূৰ্ণৰূপে নোহোৱা কৰিবলৈ এইদৰে ব্যৱস্থা গ্ৰহণ কৰিছে পৌৰ নিগমে৷ আনহাতে মহানগৰীৰ প্ৰতিটো অঞ্চল তথা ইয়াৰ ৰাস্তা-ঘাটবোৰ যাতে ধূলিমুক্ত হয়, তাৰ বাবে জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰি পৰৱৰ্তী সময়ত গাড়ীৰে পানী ছটিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷  তদুপৰি গুৱাহীটীত হৈ থকা নিৰ্মাণ কাৰ্যৰ জৰিয়তে  যাতে বায়ু প্ৰদূুষণ হ’ব নোৱাৰে, তাৰ বাবেও ব্যৱস্থা হাতত লোৱা বুলি সদৰী কৰে পৌৰ নিগম বিভাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here