পুনৰ পৃথিৱীলৈ আহিব দানৱাকৃতিৰ ভয়ংকৰ মেম’থ !

0
227


আচৰিত নহ’ব এসময়ত ত্ৰাস সৃষ্টিকাৰী বিশাল দানৱাকৃতিৰ অতি ভয়ংকৰ মেম’থ পুনৰ পৃথিৱীলৈ ঘূৰি আহিব৷ কথাটো শুনিবলৈ আচহুৱা যেন লাগিলেও কিন্তু সঁচা৷ অৱশ্যে বহু বছৰ আগতে বিলুপ্তি হোৱা মেম’থৰ জিন এডিটিঙৰ সহায়ত৷ এই ভয়ংকৰ প্ৰাণীবিধ বিলুপ্ত হৈ গৈছিল মূলতঃ জলবায়ু পৰিৱৰ্তনৰ কাৰণে৷ সেই সময়ত মানুহৰ বিভিন্ন কাৰ্যকলাপৰ কাৰণে পৃথিৱীৰ বুকুৰ পৰা এই প্ৰাণীবিধ বিলুপ্তপ্ৰাপ্ত হৈছিল৷ মানুহে দীৰ্ঘসময় ধৰি চিকাৰ কৰাৰ মাধ্যমৰ বাবে বহুতো প্ৰজাতিৰ প্ৰাণীক হত্যা কৰা হৈছিল৷ যাৰ ফলত বিভিন্ন প্ৰজাতিৰ প্ৰাণী চিৰদিনৰ কাৰণে নোহোৱা হৈছিল৷ তাৰ ভিতৰত মেম’থো অন্যতম৷ শেহতীয়াভাৱে জনা গৈছে যে জলবায়ু পৰিৱৰ্তন তথা মানুহৰ অত্যাচাৰৰ বলি হৈ চিৰকাল নোহোৱা হোৱা এই মেম’থ নামৰ প্ৰাণীবিধক পুনৰ পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে এটা বায়’ছায়েন্স কোম্পানীয়ে চিন্তা-চৰ্চা আৰম্ভ কৰিছে৷ কোম্পানীটোৱে যদি এই প্ৰচেষ্টাত সফল হয়, তেন্তে অনাগত পাঁচ বছৰৰ ভিতৰত পৃথিৱীৰ বুকুত পুনৰ বিচৰণ কৰিবলৈ সক্ষম হ’ব মেম’থ নামৰ বিশালকায় প্ৰাণীবিধে৷ মেম’থৰ ঘূৰাই আনিবলৈ যি প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, সেয়া মানুহৰ ক্ষেত্ৰতো নানাধৰণে সহায়ক হ’ব৷ কলোছাল বায়’ছায়েন্স নামৰ কোম্পানীটোৱে এই কাম কৰিবলৈ আগবাঢ়িছে৷ কোম্পানীটোৱে জিন এডিটিং প্ৰযুক্তি ব্যৱহাৰ কৰি মেম’থৰ দৰে এটা হাতীৰ সৃষ্টি কৰিবলৈ বিচাৰিছে, যি অত্যন্ত ঠাণ্ডাতো জীয়াই থাকিব পাৰে৷ তেওঁলোকে কোৱা মতে এই প্ৰাণীটো তাৰ পূৰ্বৰ বংশধৰ এছিয়ান হাতীৰ সৈতে ইয়াৰ জিনবোৰৰ ৯৯.০৬ শতাংশ ভাগ নকৰাকৈ তাৰ বাকী ০৪ শতাংশ জিনম পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে৷ যাতে নতুনকৈ পুুনৰ ঘূৰি আনিবলৈ বিচৰা হাতীটোৱে অত্যন্ত ঠাণ্ডাৰ সৈতে মোকাবিলা কৰিব পাৰে৷ এইটো জিন এডিটিঙৰ দ্বাৰাহে কৰিবলৈ সক্ষম হ’ব বুলিও জনা হৈছে৷ উল্লেখ্য যে এই মেম’থ প্ৰায় ৪০০০ বছৰ আগেয়ে এই পৃথিৱীৰ পৰা অৱলুপ্ত হৈ্‌ছিল৷ তেতিয়া পৃথিৱীত আইচ এজৰ অন্তিমভাগ চলিছিল৷ সেয়েহে আৰ্কটিৰ ঠাণ্ডা আৱহাৱা পুনৰ ঘূৰাই আনিবলৈ বিচাৰিছে বিজ্ঞানীয়ে৷ আনহাতে মেম’থৰ শৰীৰত বিপাকক্ৰিয়া কিদৰে সম্পন্ন হয়, সেই কথা জানিবলৈও চেষ্টা কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here