শনিৰ আঙঠিৰ দাগকলৈ নতুন কৌতূহল

0
200

আমেৰিকাৰ মহাকাশ সংস্থা নাছাই হাবল আৰু জেমছ বেৱ দূৰবীণৰ অসাধাৰণ সঁজুলিৰ জৰিয়তে মহাকাশথ ঘটি থকা আচৰিত ঘটনা দেখিবলৈ সক্ষম হয়৷ হাবল দূৰবীণৰ জৰিয়তে নাছাৰ বিজ্ঞানীয়ে এইবাৰ শনি গ্ৰহৰ আঙঠিত পুনৰ চিন বা দাগ পৰা প্ৰত্যক্ষ কৰে৷ জ্যোতিৰ্বিজ্ঞানীসকলৰ বাবে শনি গ্ৰহক আৱৰি থকা আঙঠিকেইটা আকৰ্ষণৰ বস্তুবোৰৰ ভিতৰত অন্যতম৷ বিজ্ঞানীসকলে জনোৱা মতে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে এই আঙঠিকেইটাত আচৰিত ধৰণৰ পৰিঘটনা দেখিবলৈ পোৱা যায়৷ চাৰি দশক আগতে শনি গ্ৰহৰ আঙঠিত আচৰিত পৰিঘটনা দেখিছিল৷ হাবল দূৰবীণে প্ৰেৰণ কৰা ফটোত পুনৰ শনি গ্ৰহৰ আঙঠিত ৰহস্যময় দাগ দেখিবলৈ পোৱা গৈছে৷ ইয়াৰ পৰাই অনুমান কৰা হয় যে বৰ্তমান শনি গ্ৰহৰ স্পক ছিজন তুংগত আছে৷ শনি গ্ৰহত দেখা পোৱা এই দাগবোৰৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here