বানপানীতো নষ্ট নোহোৱা নতুনপ্ৰজাতিৰ ধানৰ বীজ আৱিষ্কাৰ

0
269


বানপানীৰ সময়ত মানুহৰ জীৱনৰ আলাই আথানি নোহোৱা হয়৷ বানপানীৰ হোৱাৰ সময় ৰাইজৰ দুখ-দুৰ্দশাৰ সীমা নাইকিয়া হয়৷ ক’লৈ যাব কি কৰিব, ঘৰ-বাৰী, ভেটি মাটিৰে ধৰি জীৱ-জন্তুৰ এইৰ নিজৰ প্ৰয়োজনীয় সকলোবোৰ হেৰুৱাই সৰ্বস্বান্ত হৈ পৰে৷ খেতিয়কসলৰ একমাত্ৰ সম্বল খেতিডৰা যেতিয়া বানে ঢাঁহি-মুহি নিঃশেষ কৰে, সেই যন্ত্ৰণাৰ সন্মুখীন হওঁতাজনেহে উপলব্ধি কৰিব পাৰে৷ বানপানীয়ে খেতিয়কৰ নিজৰ উৎপাদিত খেতিডৰাৰ ধানখেতিৰ অনিষ্ট সাধন কৰাৰ ফলত বছৰটোৰ বাকী দিনবোৰ কিদৰে খাব সেই চিন্তাই জুমুৰি দি ধৰে৷ ভাৰতৰ কৃষকৰ এনে চৰম দুৰ্দিন নোহোৱা কৰিবলৈ ভাৰতীয় বিজ্ঞানীয়ে আগবাঢ়ি আহিছে৷ বানপীিড়ত খেতিয়কক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিজ্ঞানীৰ দলে৷বানপীড়িত অঞ্চলত খেতিৰ বাবে এবিধ বিশেষ ধানৰ ফচল আৱিষ্কাৰ কৰিছে গৱেষকে৷ এই বিশেষধৰণৰ ধানবিধ যিমানেই বানপানী হওক কিয় একে অনিষ্ট কৰিব নোৱাৰে৷ কেইবাদিনো ধৰি এই ধানবিধ পানীৰ তলত থাকিলেও কোনো ক্ষতিৰ সন্মুখীন হয় আনকি ইয়াৰ ফচলৰো একো অনিষ্ট কৰিব নোৱাৰে৷ বিঘা হিচাপত যিমান উৎপাদন হ’ব লাগে সিমানেই হ’ব৷ পুডুচেৰীৰ এগ্ৰিকালচাৰ ইনষ্টিটিউট অব কাৰাইকলৰ বিজ্ঞানীয়ে ধানৰ দুই উন্নত জাত এডিটি ৪৬ আৰু স্বৰ্ণ সাৰ ১১ সংকৰ কৰি এবিধ নতুন ধানৰ প্ৰজাতি প্ৰস্তুত কৰিছে৷ ধানৰ এই নতুন প্ৰজাতিৰ নাম দিয়া হৈছে কেকে এল [আৰ] ২৷ এই বিশেষ প্ৰজাতিৰ ধানবিধে বানপানীৰ সৈতে সহাৱস্থান কৰিবলৈ সক্ষম হ’ব৷ যিমানেই পানীৰ তলত নাথাকক কিয়, ধানবিধ একো অনিষ্ট সাধন নহয়৷ আনহাতে এই ধানগছৰ কীটনাশক দিয়াৰ কোনো প্ৰয়োজন নাই৷ প্ৰতি হেক্টৰত ৩ হাজাৰ ৬০০ কেজি ফচল উৎপাদন কৰিবলৈ সক্ষম হ’ব এই বিশেষ প্ৰজাতিৰ ধানবিধে৷ যিয়েই নহওক কিয়, অনাগত দিনত যে এই বিশেষ প্ৰজাতিৰ ধানবিধে খেতিয়কক যথেষ্ট পৰিমাণে সকাহ দিব সেয়া নিশ্চিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here