মঙলৰ বুকুত অষ্টভাণ্ডাৰ লুকাই থাকিব পাৰে বুলি এইবাৰ সদৰী কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই৷ মঙলৰ বুকুত দীৰ্ঘকাল আগতে শুকাই যোৱা হ্ৰদৰ তলিত ৰত্ন ভাণ্ডাৰ থকাৰ ইংগিত দিছে নাছাই৷ নাছাৰ কিউৰিঅ’চিটি ৰোভাৰে মঙলৰ মাটিত বিচৰণ কৰি এই কথা সদৰী কৰিছে৷ বিজ্ঞানয়ে ধাৰণা কৰা মতে বছৰ বছৰ ধৰি মঙলৰ বুকুত থকা পানী আৰু পাথৰৰ মিথক্ৰিয়া ঘটিয়েই এই ৰত্ন ভাণ্ডাৰৰ উৎপত্তি হোৱা স্থল আছে৷ এই ক্ষেত্ৰত ইয়াৰ বুকুত এটাসময়ত জীৱাণুৰ অস্তিত্ব থকাৰো সম্ভাৱনা নথকা নহয়৷ জাৰ্নাল অব জিঅ’ফিজিকেল ৰিছাৰ্চ প্লেনেটত প্ৰকাশিত গৱেষণা-পত্ৰত এই বিষয়টো প্ৰকাশ কৰা হৈছে৷ সৌৰজগতৰ অন্যত প্ৰাণীৰ সন্ধান কৰিবলৈ গ’লে মূলতঃ পানীৰ অস্তিত্বৰ ওপৰত বেছি গুৰুত্ব দিয়ে বিজ্ঞানীয়ে৷ কাৰণ প্ৰাণীৰ অস্তিত্বৰ ক্ষেত্ৰত পানী থকাটো বাধ্যতামূলক৷ এই সময়ত ৰঙা গ্ৰহত পানীৰ অস্তিত্বৰ কথা ধৰা পৰিছে৷ বিগত সময়ত ইয়াৰ মাটিৰ গঠন, বিভিন্ন খনিজ তথা ইয়াত পোৱা বালি-শিল পৰীক্ষা কৰি একালত পানীৰ অস্তিত্ব আছিল বুলি কোৱা হৈছে৷ সেয়েহে ইয়াৰ ৰত্নৰ সন্ধান পোৱাৰ বিজ্ঞানীসকল আশাবাদী৷ এই ময়ূৰপক্ষী নামৰ ৰত্নবিধ বালিমাটিত ছিলিকা আৰু পানীৰ মিথস্ত্ৰিয়ামৰ উচ্ছ তাপমাত্ৰাত তৈয়াৰ হয়৷ ৰামধেনুৰ দৰে ৰঙৰ ৰত্নবিধ বেঙুনীয়া, নীলা, ৰঙা নানা ৰঙৰ সমাহাৰবিশিষ্ট৷ এই পাথৰ বা ৰত্নবিধ দুৰ্মূল্য বুলি জনা যায়৷ বৰ্তমান পৃথিৱীৰ মেক্সিকো, ব্ৰাজিল, হণ্ডুৰাজ, জাপান, লিবিয়া, অষ্ট্ৰেলিয়া আদি দেশত এই ৰত্নবিধ পোৱা যায়৷ ইয়াক লৈ এটা বৃহৎ পৰ্যটন ব্যৱয়াসী গঢ় লৈ উঠিছে৷ ইয়াৰ উপৰি জ্যোতিশাস্ত্ৰত এই ৰত্নবিধৰ অসীম গুৰুত্ব আছে৷ জ্যোতিশাস্ত্ৰ অনুসৰি এই পাথৰ ধাৰণ কৰিলে জীৱনৰ সকলো ক্ষেত্ৰতে উন্নতি তথা বিজয়ী হোৱা যায়৷ জনা মতে মঙলৰ বুকুত ১৫৪ কিলোমিটাৰজোৰা হ্ৰদৰ পানী শুকাই ইয়াৰ গহত এই ময়ূৰপক্ষী ৰত্ন সঞ্চিত হৈ আছে৷ ইয়াৰ অৱস্থিতি ইতিমধ্যে কিউৰিছিটি ৰোভাৰে ধৰা পেলাইছে৷