ছিকল চেল ডিজিজ : অসমৰ জনজাতি বসতিপ্ৰধান অঞ্চলৰ ত্ৰাসৰ কাৰণ

0
369


অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষকে কৰা এক উদ্বেগজনক খবৰে অসমবাসী বিশেষকৈ জনজাতি অধ্যুষিত এলেকাত বাস কৰা লোকসকলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷ গৱেষণাত প্ৰকাশ পোৱা তথ্যত ৰাজ্যত বসবাস কৰা জনজাতি এলেকাৰ লোকসকলে হিম’গ্লবিনজনিত জটিল ৰোগ ছিকল চেল ডিজিজ যাৰ কোৱা হয় কাচিকোষ ৰক্ত বিকাৰ বুলি আক্ৰান্ত হৈছে৷ এই বিশেষ অঞ্চলবোৰত এই ৰোগবিধত ৯৮ শতাংশ লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে৷ এই ৰোগৰ আক্ৰান্তৰ সৰ্বোচ্ছ আয়ুস বিশ বছৰ বুলি ধৰা হয়৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰযুক্তিবিদ্যা বিভাগৰ অধ্যাপক ড॰ সঞ্জীৱ শৰ্মাই এই তথ্য সদৰী কৰে৷ অসমৰ ওদালগুৰি জিলাত এই ৰোগৰ পৰীক্ষামূলক গৱেষণা কৰা হৈছিল৷ ড॰ শৰ্মাই জানিবলৈ দিয়া মতে ২০১৯ চনৰ পৰা ২০২২ চনলৈ ওদালগুৰি জিলাত ১৮০০ টা পৰিয়ালৰ ওপৰত গৱেষণা চলাইছিল বিশ্ববিদ্যালয়খনৰ গৱেষকৰ এট দলে৷ এই গৱেষণাত ২৬৭ টা শিশু এই ৰোগৰ বাহক বুলি চিনাক্ত কৰা হয় আৰু ৪২ গৰাকী লোকৰ দেহত এই ৰোগ ধৰা পৰে৷ সাধাৰণতে নিজৰ বংশৰ মাজত বিবাহৰ প্ৰচলনৰ বাবে এই জটিল ৰোগত আক্ৰান্ত হোৱা বুলি প্ৰমাণিত হৈছে৷ বংশাণুক্ৰমিক এই ৰোগত আক্ৰান্ত হ’লে শৰীৰত হিম’গ্লবিনৰ পৰিমাণ কমি যায়, যাৰ ফলত উচ্ছ ৰক্তচাপজনিত সমস্যা, বৃক্ক, হাঁওফাঁও, হাড়ৰ সমস্যাৰ লগতে দেহৰ বিভিন্ন অংশত বিষৰ সৃষ্টি হয়৷ উপযুক্ত চিকিৎসা নাপলে মৃত্যুপৰ্যন্ত হোৱাৰ সম্ভাৱনা থাকে৷ আনহাতে ওদালগুৰিত চিনাক্ত হোৱা ৰোগীসকলৰ চিকিৎসা চলি আছে বুলি জানিব পৰা হৈছে৷ উল্লেখ্য যে এই ৰোগবিধ বংশাণুক্ৰমিক হোৱা হেতু সজাগতাৰ বাহিৰে নিয়ন্ত্ৰণৰ বেলেগ উপায় নাই৷ সেয়ে জনজাতি অঞ্চলসমূহ এই ৰোগৰ বিষয়ে সচেতন তথা সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে চৰকাৰ তথা বিভিন্ন সামাজিক সংগঠনবোৰে আগভাগ লোৱা নিতান্তই  প্ৰয়োজন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here