ইছ’ৰৰ চন্দ্ৰযান-৩ মিছনৰপ্ৰস্তুতি চূড়ান্ত পৰ্যায়ত

0
122

ভাৰতীয় মহাকাশ গৱেষণা সংগঠন চমুকৈ ইছৰ’ৰ মুৰব্বী এছ সোমনাথে কয় যে চন্দ্ৰযান-৩ মিছন সাজু আৰু প্ৰস্তুতিৰ চূড়ান্ত পৰ্যায়ত আছে৷ ১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছত ভাষণ দি সোমনাথে কয় যে কৃত্ৰিম উপগ্ৰহটো সম্পূৰ্ণৰূপে সংহত কৰা হৈছে৷ এই কথাই ইংগিত দিয়ে যে চন্দ্ৰযান ছিৰিজৰ অংশ তৃতীয়টো মিছন উৎক্ষেপণ কৰিবলৈ ইছৰ’ সাজু৷ এই বছৰৰ জুনত চন্দ্ৰযান-৩ মিছন উৎক্ষেপণ কৰাৰ সম্ভাৱনা আছে৷ চন্দ্ৰত অৱতৰণ কৰোঁতে চন্দ্ৰযান-২ ধ্বংস হৈছিল৷ আনহাতে থলুৱাভাৱে নিৰ্মিত সমুদ্ৰযান নামৰ এখন জাহাজ সাগৰৰ ৫ মিটাৰ তললৈ ভাৰতে ৩জন অন্বেষণকাৰীক পঠিয়াব৷ চেন্নাইৰ নেশ্যনেল ইন্সটিটিউট অব্‌ অ’ছেন টেকন’লজিৰ অভিযন্তাসকলে তীখাৰ এই যানখনৰ আৰ্হি প্ৰস্তুত কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here