সৌন্দৰ্যচৰ্চাত বেকিং ছ’ডা

0
2724

সকলোৰে পৰিচিত বেকিং ছ’ডাক আমি সকলোৱে ৰন্ধন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰি আহিছোঁ৷ আমি দৈনন্দিন জীৱনত প্ৰায়ে বিভিন্ন ধৰণৰ বেকাৰী খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি বহু সুস্বাদু আচাৰলৈ ইয়াক ব্যৱহাৰ কৰোঁ ; যিয়ে খাদ্য সামগ্ৰীক বহুদিনলৈ খোৱাৰ উপযোগী কৰি ৰখাত সহায় কৰে৷ কিন্তু আপুনি কেতিয়াবা বেকিং পাউডাৰক সৌন্দৰ্যচৰ্চাত ব্যৱহাৰ কৰি পাইছেনে? হয়, ই আমাৰ সৌন্দৰ্য ধৰি ৰখাত সহায় কৰে৷ বেকিং ছ’ডাৰ লগত গোলাপৰ পাহি পানীত মিহলাই লগালে ছাল পৰিষ্কাৰ হয়৷ কমলাৰ ৰসৰ লগত বেকিং ছ’ডা মিহলাই ছালত লগালে ছাল সতেজ আৰু উজ্জ্বল হয়৷ নেমু টেঙাৰ সৈতে বেকিং মিহলাই মুখৰ ক’লা দাগত লগালে সুফল পোৱা যায়৷ শুকান ওঁঠৰ পৰা ৰক্ষা পাবলৈ মৌৰ সৈতে বেকিং ছ’ডা মিহলাই ওঁঠ দুটাত মালিচ কৰিব লাগে৷ এনে কৰিলে ওঁঠ কোমল হোৱাৰ লগতে গুলপীয়া হয়৷ আলুৰ ৰসৰ লগত বেকিং ছ’ডাৰ মিশ্ৰণে আঁঠু আৰু কিলাকুটিৰ ক’লা দাগ আঁতৰ কৰোৱাত সহায় কৰে৷ গাৰ দুৰ্গন্ধৰ আঁতৰ কৰিবলৈ বেকিং ছ’ডা আৰু নেমুৰ ৰসৰ মিশ্ৰণ ঘাম ওলোৱা অংশত লগাই পোন্ধৰ মিনিটমান পাছত গা ধুই দিব লাগে৷ এনে কৰিলে গাৰ দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ গৰম পানীত বেকিং ছ’ডা মিহলি কৰি ভৰি ধুলে ভৰি পৰিষ্কাৰ হয়৷ এনেধৰনে আমি বেকিং ছ’ডাক খাদ্যৰ লগতে সৌন্দৰ্যচৰ্চাতো ব্যৱহাৰ কৰিব পাৰোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here