UNDP-ৰ প্ৰতিবেদনত বিশ্বৰ কিমানখন উন্নয়নশীল দেশ গুৰুতৰ ঋণ সংকটত

0
404

এতিয়া বিশ্বৰ অতি দুখীয়া অংশবোৰত গুৰুতৰ ঋণ সংকট [ছিৰিয়াছ ডেট ক্ৰাইছিছ] হৈছে আৰু উন্নয়নশীল দেশবোৰ চৰকাৰী ঋণ পৰিশোধ কৰিবলৈ অসমৰ্থ হৈছে বুলি ভালেমান আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু দাতব্য ন্যাসে দিয়া সকীয়নিত আজি ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীয়ে [ইউ এন ডি পি] যোগ দিয়ে৷ এখন নতুন প্ৰতিবেদনত ইউ এন ডি পিয়ে আনুমানিক হিচাপ কৰে যে বিশ্বৰ ৫০ শতাংশতকৈও বেছি অতি দুখীয়া লোক থকা ৫৪খন দেশক এতিয়া তাৎক্ষণিক ঋণ সাহায্যৰ প্ৰয়োজন হৈছে৷ অন্যথা সেই দেশবোৰৰ দাৰিদ্ৰ্য অধিক বাঢ়িব৷ তদুপৰি জলবায়ুৰ পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈও সেই দেশসমূহক এটা সুযোগ দিয়াৰ প্ৰয়োজন৷ প্ৰকাশিত ইউ এন ডি পিৰ প্ৰতিবেদনখনত কোৱা হয়, উন্নয়নশীল দেশবোৰত ঋণৰ এলানি সংকটে দেখা দিছে আৰু পৰিস্থিতি অধিক শোচনীয় হোৱাৰ আশংকা আছে৷ উল্লেখ্য যে সমগ্ৰ বিশ্বত আন এটা অৰ্থনৈতিক মন্দা হ’ব বুলি বৰ্ধিত উদ্বেগ আৰু শ্ৰীলংকাৰ পৰা পাকিস্তানলৈ, পাকিস্তানৰ পৰা চাদলৈ, তাৰ পৰা ইথিওপিয়া আৰু জাম্বিয়া পৰ্যন্ত ঋণ সংকটৰ মাজত এই সপ্তাহত ৱাশ্বিংটনত আন্তঃৰাষ্ট্ৰীয় বিত্ত নিধি [আই এম এফ] আৰু বিশ্ব বেংকে সভা অনুষ্ঠিত কৰাৰ পাছত ইউ এন ডি পিয়ে এই সতৰ্কবাণী শুনায়৷ ইউ এন ডি পিৰ প্ৰশাসক এ ষ্টেইনাৰে উন্নয়নশীল দেশবোৰৰ ঋণ সংকট দূৰ কৰিবৰ বাবে এলানি পৰামৰ্শ আগবঢ়াইছে৷ সেইবোৰৰ ভিতৰত ঋণ মাফ, বেছিসংখ্যক দেশক বহুল সকাহ দিয়া আৰু ঋণৰ বিশেষ চৰ্ত আদি উল্লেখযোগ্য৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here