মোঢেৰাই লাভ কৰিলে ভাৰতৰ প্ৰথম সৌৰশক্তি-চালিত গাঁৱৰ স্বীকৃতি

0
180

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মেহসানা জিলাৰ মোঢেৰা গাঁৱক ভাৰতৰ প্ৰথম সৌৰশক্তিৰে চালিত গাঁওৰূপে ঘোষণা কৰে৷ মোদীয়ে কয় যে চালুক্য ৰজাৰ শাসনৰ সময়ত নিৰ্মাণ কৰা সূৰ্য মন্দিৰৰ বাবে শতিকাজুৰি বিখ্যাত মোঢেৰা গাঁও এতিয়া ‘সৌৰশক্তিৰে চালিত গাঁও’ৰূপেও জনাজাত হ’ব৷ উল্লেখ্য যে মোঢেৰা গাঁৱৰ সৌৰ শক্তি প্ৰকল্পৰ বাবে গুজৰাট চৰকাৰে ১২ হেক্টৰ মাটি আবণ্টন দিছে৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই প্ৰকল্পৰ বাবে দুটা পৰ্যায়ত ৮০.৬৬ কোটি টকা খৰচ কৰিছে৷ গাঁৱৰ ঘৰবোৰত ৰ কিল’ৱাট ক্ষমতাৰ ৰ,৩০০তকৈ অধিক ‘ৰুফটপ ছ’লাৰ ছিষ্টেম’ স্থাপন কৰা হৈছে, যিবোৰে গাঁৱত বিদ্যুৎ যোগান ধৰিব৷ মোঢেৰাৰ সূৰ্য মন্দিৰৰ পৰা প্ৰায় ৬ কিল’মিটাৰ দূৰৰ সুজানপুৰাত বেটাৰী এনাৰ্জি ষ্ট’ৰেজ ছিষ্টেম [বি ই এছ এছ]ৰ সৈতে সংহত সৌৰশক্তি প্ৰকল্পৰ যোগেদি মোঢেৰাত চৌবিছ ঘণ্টাই সৌৰশক্তি যোগান ধৰিবলৈ ‘মোঢেৰা সূৰ্য মন্দিৰ আৰু নগৰ সৌৰকৰণ’ [ছলাৰাইজেশ্যন]আৰম্ভ কৰিছে৷ গুজৰাট চৰকাৰৰ বিবৃতি মতে এই প্ৰকল্পৰ দ্বাৰা প্ৰথম ‘পুনৰনবীকৰণ শক্তি জেনেৰেটৰ’ হোৱা মোঢেৰা ভাৰতৰ প্ৰথম গাঁও হ’ব৷ বিবৃতিটোত আৰু কোৱা হৈছে যে এই প্ৰকল্পৰ দ্বাৰা বিদ্যুতৰ বিলত গাঁৱৰ ৰাইজৰ ৬০১ পৰা ১০০ শতাংশ ৰাহি হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here