চিকিৎসা বিজ্ঞানৰ শিক্ষা অসমীয়া মাধ্যমত দিয়াৰ চৰকাৰৰ পদক্ষেপ

0
681

অসমত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পাঠদান কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত লোৱাৰ সময়তে চিকিৎসা বিজ্ঞানৰ শিক্ষা অসমীয়া মাধ্যমত দিয়াৰ বাবেও চৰকাৰে পদক্ষেপ আৰম্ভ কৰিছে৷ ইতিমধ্যে চিকিৎসা বিজ্ঞানত ব্যৱহৃত শব্দবোৰ মাতৃভাষা মাধ্যমলৈ তৰ্জমা কৰাৰ বাবে পৰিভাষা [অভিধান] প্ৰস্তুতৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ পৰিভাষা সম্পূৰ্ণ হ’লেই পাঠ্যপুথি অসমীয়াকে ধৰি সকলো স্বীকৃত মাতৃভাষাত প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ 
শেহতীয়াকৈ মাধ্যম বিতৰ্কৰ বাবে কথাটো চৰকাৰৰ স্থিতি বিপৰীতমুখী হ’লেও তেওঁ মাতৃভাষাত পাঠদান কৰাত কোনো অসুবিধা নাই বুলি প্ৰকাশ কৰে৷ অৱশ্যে মাতৃভাষাত পাঠদান আৰু শিক্ষা গ্ৰহণ কৰাৰ বাবে শিক্ষক আৰু শিক্ষাৰ্থীসকলো আগ্ৰহী হোৱাটো জৰুৰী বুলি তেওঁ সদৰী কৰে৷ চৰকাৰৰ নীতিগত সিদ্ধান্ত আছে যদিও ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া সকলো ভাষাতে পাঠ্যপুথি প্ৰস্তুত কৰিব পাৰে বুলি তেওঁ সদৰী কৰে৷ আনহাতে আগন্তুক শিক্ষাবৰ্ষৰ পৰা মাধ্যমিক পৰ্যায়তো স্বাস্থ্য বিষয়ক পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ’ব বুলি সদৰী কৰি তেওঁ ইয়াৰ বাবে ‘স্বাস্থ্য আৰু পৰিচ্ছন্নতা’ বিষয়ত এখন ১০০ পৃষ্ঠাৰ পাঠ্যপুথি প্ৰস্তুত কৰি থকা বুলিও সদৰী কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here