ডিঙিৰ সমস্যাসমূহৰ ভিতৰত টনছিল হৈছে এনে এটা অস্বস্তিদায়ক সমস্যা, যাক প্ৰত্যেকেই জীৱনত এবাৰ নহয় এবাৰ অনুভৱ কৰি পাইছে ৷ সাধাৰণতে ঠাণ্ডা লাগিলে বা ঋতু পৰিৱৰ্তনৰ সময়ত এই ৰোগে দেখা দিয়ে৷ মুখৰ ভিতৰত থকা আলজিভাৰ দুয়োফালে যি দুটা টনছিল গ্ৰন্থি থাকে, সেই দুটাত ঠাণ্ডা লাগিলে ই বৃদ্ধি পায়৷ ফলত ডিঙিৰ বিষ হয় আৰু খোৱা-লোৱাত অসুবিধা হয়৷ কেতিয়াবা ইয়াৰ বিষত জ্বৰপৰ্যন্ত উঠাও পৰিলক্ষিত হয়৷ বিষ কাণৰ ভিতৰলৈও সম্প্ৰসাৰিত হয় ৷ কিবা খালে বা ঢোক গিলিলে ডিঙিত কিবা লাগি থকা যেন অনুভৱ হয়৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মাটিকঁঠালৰ কুমলীয়া ফল তুঁহজুইত পুৰি পিছদিনা মিচিৰিৰ লগত তাৰ ৰস খাব লাগে৷ মনিছাল গুটিৰ বাকলিৰ ৰসেৰে মুখ কুল কুল কৰিব লাগে৷ গৰম পানীত অকণমান নিমখ মিহলি কৰি গাৰ্গ্ল কৰিলেও সুফল পোৱা যায়৷ টনছিল ৰোগত বিষ হ’লে দোৰোণ শাকৰ আঞ্জা খাব লাগে৷ তৰুৱা কদমৰ ছাল খুন্দি তাৰ ৰসেৰে মুখ কুলকুলিয়াব লাগে৷ চিচু গছৰ পাত খুন্দি তাৰ ৰস মিচিৰিৰ সৈতে খালে বিষ নাইকয়া হয়৷ ঠাণ্ডা বা টান বস্তু খাব নালাগে৷ ডিঙিত ঠাণ্ডা নলগাকৈ মাফলাৰজাতীয় কাপোৰেৰে ডিঙিটো মেৰিয়াই ৰাখিব লাগে৷ বিষ অত্যন্ত বেছি হ’লে ডাক্তৰৰ ওচৰলৈ যাব লাগে৷